09/27/2021 - 14:36
in
ডুমডুমাঃ তিনিচুকীয়া জিলাৰ কৰ্দৈগুৰিৰ বিস্তৃত অঞ্চলত প্ৰবল বান আৰু গৰাখহনীয়াই জনসাধাৰণৰ জীৱন ধাৰন বিপন্ন কৰি পেলাইছে| ১৯৯২ চনত এই অঞ্চলত অহা প্ৰবল বানে অঞ্চলটোৰ বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে তেতিয়াৰে পৰা ব্ৰহ্মপুত্ৰৰ অনন্ত-নলাৰ প্ৰবল সোঁতত প্ৰতিবছৰে অঞ্চলটোত হোৱা ব্যাপক গৰাখহনীয়া বৰ্তমানলৈকে ২০ টাতকৈ অধিক গাঁও নিচিহ্ন কৰি তুলিলে| বৰ্তমান কৰ্দৈগুৰিৰ বিষ্ণুপুৰ, তামুলি, গৰীয়াটিং আদি গাঁৱত গৰাখহনীয়াই ভয়ংকৰ ৰূপ লৈ শতাধিক পৰিয়ালৰ ঘৰ ভেটি খহাই নিয়ে|
প্ৰতি বছৰে দেখা দিয়া এই গুৰুত্বৰ সমস্যাৰ প্ৰতি চৰকাৰ কিম্বা বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰনৰ স্থায়ী সমাধানৰ ব্যৱস্থা গ্ৰহণ নকৰাত সদৌ মৰান ছাত্ৰ সন্থাৰ উদ্যোগত মৰান জনগোষ্ঠীৰ ৬ টা সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে| সংগঠন কেইটাই কৰ্দৈগুৰি অঞ্চলৰ বান-গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান, বান-গৰাখহনীয়াত মাটি-ভেটি হেৰুৱা খিলঞ্জীয়া লোকক পুনৰ সংস্থাপন দিয়া, ভূমি পট্টা প্ৰদান কৰা, তদানিন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে গৰাখনীয়া ৰোধৰ বাবে বাঘজানত ঘোষনা কৰা ২৭ কোটি টকা মুকলি কৰিবলৈ দাবী জনাই লগতে বাঘজানত গৰাখহনীয়া ৰোধৰ বাবে আধাৰশিলা স্থাপন কৰা ৪ কোটি টকীয়া পৰিকল্পনাৰ কাম শীঘ্ৰে আৰম্ভ কৰাৰ দাবী জনাই ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় সন্মুখত ৩ ঘণ্টিয়া অৱস্থান ধৰ্মঘট পালন কৰি চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু জলসম্পদ মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে|