09/27/2021 - 15:32
in
নিউজ ডেস্কঃ আজি ‘বিশ্ব পৰ্যটন দিৱস’। বিগত দুটা বছৰে ক’ভিড-১৯ৰ বাবে বিধ্বস্ত হৈ পৰিছে দেশৰ পৰ্যটন খণ্ড, মাজুলীও ব্যতিক্ৰম নহয়।এই সময়ত মাজুলীত পূৰ্বে আগমন ঘটিছিল বহু দেশী-বিদেশী পৰ্যটকৰ। কিন্তু দুবছৰে পৰ্যটনৰ সংখ্যা পূৰ্বৰ তুলনাত তেনেই সীমিত।ক’ভিডসৃষ্ট পৰিৱেশ আৰম্ভ হোৱাৰ পাছৰে পৰা মাজুলীৰ ল’জসমূহ বন্ধ হৈ পৰিছে।
পুনৰ ৮ ছেপ্টেম্বৰৰ নাও দুৰ্ঘটনাৰ পাছৰে পৰা মাজুলী-নিমাতীঘাটৰ যাতায়াত ব্যৱস্থাই সাধাৰণ ৰাইজক জুৰুলা কৰিছে। জুলীৰ পৰ্যটকখণ্ডৰ সৈতে জড়িত কৰ্মীসকলৰ চৰকাৰলৈ এটাই আহ্বান যে, ‘মাজুলী আৰু নিমাতীঘাটৰ মাজত আগন্তুক ৰাস আৰু পালনামৰ পূৰ্বে আৰু কেইখনমান ফেৰী সংযোগ কৰি বৰ্তমান হৈ থকা যাতায়াত ব্যৱস্থা সুচল কৰক।’