09/27/2021 - 15:40
in
বদৰপুৰঃ অসম যুব পৰিষদৰ উদ্যোগত এক বিশাল কৰ্মীসভা। কৰিমগঞ্জ জিলাৰ বদৰপুৰ সমষ্টিৰ ভংঙ্গা বজাৰৰ এটি বিবাহ ভৱনত এই কর্মী সভাৰ আয়োজন কৰা হয়। উক্ত সভাখনত প্রায় ১০০ ৰ অধিক যুৱকে এজেপিৰ যুব মৰ্চাত যোগ দিয়ে।
বিশেষকৈ এ আই ইউ ডি এফ আৰু কংগ্ৰেছৰ দলৰ পৰা অহা যুবকসকলে যোগদান কৰে। সভাত এ আই ইউ ডি এফৰ চুপ্রিম তথা ধুবৰীৰ সাংসদ বদৰুদ্দিন আজমলক তীব্ৰ ভাষাৰে সমালোচনা কৰা হয়।