বিজনীত ছাত্ৰ সন্ধানহীন

 06/02/2019 - 11:18

বিজনীঃ বিজনী থানাৰ অন্তৰ্গত ১ নং দাৰাংগাৰ থাইচোগুৰী নিৱাসী লোকেন বসুমতাৰীৰ কন্যাৰ পুত্ৰ অৰ্থাৎ নাতি ল'ৰা ৰংজালু বসুমতাৰী(১০) যোৱা ২২ মে' ৰ পুৱা ৭ বজাৰে পৰা ৰহস্যজনকভাৱে সন্ধানহীন হৈ আছে। উল্লেখ্য মাক্ৰা হাইস্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ৰংজালুৱে ককাক লোকেনৰ ঘৰত থাকিয়ে পঢ়া-শুনা কৰি আহিছে। যোৱা ২২ মে'ৰ পুৱা ৭ বজাত ৰংজালু চাইকেলেৰে ককাকৰ ঘৰৰ পৰা ওলাই অহাৰ পিছৰে পৰা সন্ধানহীন হৈ পৰা সন্দৰ্ভত ইতিমধ্যে লোকেন বসুমতাৰীয়ে বিজনী থানাত এখন এজাহাৰ দাখিল কৰিছে।

এজাহাৰত উল্লেখ কৰা অনুযায়ী যোৱা ২১ মে'ৰ সন্ধিয়া ৫ বজাত ৰংজালুৱে আইতাক কমলী বসুমতাৰীৰ কোঠালীৰ দুৱাৰৰ তলা ভাঙি আইতাকৰ কোঠালীৰ ভিতৰত প্ৰৱেশ কৰি নগদ ২০০ টকা চুৰি কৰি লয়। এই সন্দৰ্ভত আইতাকে নাতি ল'ৰা ৰংজালুক গালি-শপনি পাৰে। তাৰপাছত ২২ মে'ৰ পৰা সন্ধানহীন হৈ পৰে ৰংজালু।

ইফালে, যোৱা ২৬ মে'ত ৰংজালুৰ চাইকেলখন বিজনী ৰে'ল ষ্টেচনত উদ্ধাৰ হোৱালৈ চাই ছাত্ৰজনে ৰে'লযোগে কোনো অজ্ঞাত স্থানলৈ গমণ কৰা বুলি আশংকা কৰা হৈছে। কিন্তু আজিলৈ ছাত্ৰজনৰ কোনো শুংসূত্ৰ লাভ নকৰাত উদ্বিগ্ন হৈ পৰিছে ককাক লোকেন বসুমতাৰী। ৫ ফুট উচ্চতাৰ মিঠা বৰণৰ তথা টি-চাৰ্ট আৰু পখৰা হাফ্পেণ্ট পৰিহিত নিৰুদিষ্ট ৰংজালু সন্দৰ্ভত কোনো লোকে শুংসূত্ৰ লাভ কৰিলে ৯৬৭৮৫৭৯৭৪২ নম্বৰৰ মোবাইল ফোনৰ সৈতে যোগাযোগ কৰিবলৈ ককাক লোকেন বসুমতাৰীয়ে অনুৰোধ জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।