09/27/2021 - 18:19
in
নিউজ ডেস্কঃ আজি সমগ্ৰ ভাৰতৰ লগতে অসমতো বিভিন্ন ঠাইত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক। কৃষি আইন বাতিল, শ্ৰম সংহিতা প্ৰত্যাহাৰৰ দাবীত আৰু ৰাজহুৱা খণ্ডৰ বেচৰকাৰীকৰণ আৰু মূল্যবৃদ্ধিৰ বিৰুদ্ধে সংযুক্ত কৃষক মৰ্চাৰ আহ্বানত ভাৰত বন্ধ পালন।
এই উদ্দেশ্য আজি নিখিল ভাৰত কৃষক সভা আৰু নিৰ্মাণ শ্ৰমিক ইউনিয়ন পশ্চিম বড়িগোগ আঞ্চলিক সমিতিয়ে বাৰাংহাতী বকুল তলৰ ডাকঘৰ চকলৈ বিভিন্ন সমস্যা সমাধানৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।
কামৰূপ জিলাৰ শ্ৰমিক ইউনিয়নৰ সভাপতি হৰিপদ তালুকদাৰৰ নেতৃত্বত হোৱা কাৰ্যসূচীত ভালেসংখ্যক কৰ্মকৰ্তা উপস্থিত থাকি চৰকাৰ বিৰোধী শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে।