বিশ্বনাথৰ ৰাজীব ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদ মেল

 09/27/2021 - 19:28
 
 
বিশ্বনাথঃ বিশ্বনাথৰ ৰাজীব ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদ মেল। সংবাদ মেল সম্বোধন কৰে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্যই। এই সংবাদ মেল যোগে ভট্টাচাৰ্যই কৃষক বিলৰ তীব্ৰ বিৰোধীতা কৰি নৰেন্দ্ৰ মোদীক অগণতান্ত্ৰিক চৰকাৰ, আদানী আম্বানীৰ চৰকাৰ বুলি অভিহিত কৰি আজি কৃষক মহাসভাই আহ্বান কৰা বন্ধক নৈতিক সমৰ্থন জনায়। ভট্টাচাৰ্যই কয় যে মোদী চৰকাৰে মনত ৰখা উচিত যে এই দেশ কৃষকসকলে স্বাধীন কৰিছে, কিন্তু এই কৃষকসকলৰ বিৰুদ্ধে তিনিখনকৈ ক’লা আইন জাপি দিছে। গণতন্ত্ৰৰ প্ৰমুল্য বোধ ধ্বংস নকৰিবলৈ আহ্বান জনায়। আনহাতে চৰকাৰে দালাল ৰাজ আঁতৰোৱাৰ কথা কোৱা সন্দৰ্ভত কয় যে চৰকাৰে দালাল আতৰাব, কাৰণ তেওঁলোকৰ ঘৰতে দালাল আছে।
 
গৰুখুটিকাণ্ডত পি এফ এফ জৰিত থাকৰ কথা প্ৰসংগত ভট্টাচাৰ্যৰ প্ৰশ্ন চৰকাৰ কাৰ, যদি আপোনালোকৰ হাতত তথ্য প্ৰমান আছে তেনেহলে আপোনালোকে আইনগত ব্যবস্থা গ্ৰহণ কৰক৷ পি এফ আইৰ লগত কংগ্ৰেছৰ কোনো সম্পৰ্ক নাই। বিজেপিয়ে ধৰ্মীয় মেৰুকৰণ কৰি সমাজত বিভাজনৰ সৃষ্টি কৰিছে। আমি কোনো অপৰাধীৰ পক্ষত নাযাও, বিজেপিয়ে কেবল চমক সৃষ্টি কৰিবলৈ এনকাউন্টাৰ নাটক ৰচিছে। উপ-নিৰ্বাচনৰ পাৰ কৰিবলৈ বিজেপিয়ে মেৰুকৰণৰ ৰাজনীতি, এনকাউন্টাৰৰ নাটক ৰচিছে বিজেপিয়ে।চৰকাৰে ১ আগষ্টৰ পৰা বিদ্যালয়বোৰ পুনৰ আৰম্ভ কৰাৰ ক্ষেত্ৰত কয় যে এইয়া গৰখীয়া আৰু বাঘৰ কাহানিৰ দৰে হৈছে। বিদ্যালয় আৰম্ভ কৰাৰ আগত শিক্ষক নিযুক্তি দিয়ক, কেবল ডেক্স বেঞ্চ বিদ্যালয়ত থাকিলেই নহব। আনহাতে মূল্যবৃদ্ধিৰ ক্ষেত্ৰতো ভট্টাচাৰ্য চৰকাৰখনক থকা-সৰকা কৰে। বৰ্তমান চৰকাৰখন কামত একো নাই, কেবল পাব্লিচিতিৰ চৰকাৰ হৈ পৰিছে। আনহাতে এই সংবাদ মেলৰ পূৰ্বে আজি কৃষি আইনৰ বিৰুধিতা কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ কৰি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৰাজীব ভবনৰ সন্মুখত।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।