প্ৰকৃতিপ্ৰেমীসকলৰ বাবে সুখবৰঃ দীৰ্ঘদিনৰ অন্তত পৰ্যটকৰ বাবে মুকলি হ’ব মানাহ ৰাষ্ট্ৰীয় উদ্যান

 09/28/2021 - 12:23
 
 
 
শালবাৰীঃ দীৰ্ঘদিনৰ অন্তত দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি হ’ব মানাহ ৰাষ্ট্ৰীয় উদ্যান৷ পহিলা অক্টোবৰত পৰ্যটকৰ বাবে মুকলি কৰা হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ৷ সেয়ে পৰ্যটকক আদৰিবলৈ সম্পূৰ্ণৰূপে সাজু মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ৷ সমান্তৰালভাৱে সাজু হৈ উঠিছে জীপ ছাফাৰী, হাতী ছাফাৰী, হোটেল-লজ আদিও৷
 
ক’ভিড মহামাৰীৰ বাবে দীৰ্ঘদিন ধৰি বন্ধ হৈ আছিল মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ৷ মানাহৰ প্ৰবেশদ্বাৰ বহুদিনৰ মূৰত খোল খোৱাৰ খবৰে আনন্দিত কৰি তুলিছে বনকৰ্মীসকলকো৷ বহুদিনৰ মূৰত পৰ্যটকৰ মুখ দেখিবলৈ পাব মানাহৰ সতে ওতপ্ৰোতভাবে লাগি থকা বনকৰ্মীসকলে৷ জীপ ছাফাৰী, হোটেল, ল’জৰ কৰ্মীসকল কৰ’নাকালীন পৰিৱেশৰ বাবে আৰ্থিকভাৱে অতিকৈ জুৰুলা হৈ পৰিছিল৷
 
শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পহিলা অক্টোৱৰত অন্যান্য পৰ্যটনস্থলী সমুহৰ লগতে মানাহ ৰাষ্ট্ৰীয় উদ্যানো পৰ্যটকৰ বাবে মুকলি হ’ব বুলি কৰা মন্তব্যই উৎফুল্লিত কৰিছে মানাহৰ সতে জড়িত সকলোকে৷ ইতিমধ্যে প্ৰায় দুশখন জীপছি, শতাধিক হাতী, ২০ খনৰো অধিক ল'জ পৰ্যটকৰ বাবে সাজু কৰি তোলা হৈছে৷ জীপ ছাফাৰী, হাতী ছাফাৰী, ৰাফটিংৰো লগতে পৰ্যটকৰ বাবে থাকিব মানাহত নতুনকৈ সংযোজন কৰা হস্তী প্ৰদৰ্শনৰ ব্যৱস্থা৷ এইফালে, মানাহৰ অপূৰ্ব প্ৰাকৃতিক পৰিৱেশ, হাতী, বাঘ, গঁড়, ময়ুৰৰ পেখনৰ লগতে উদ্যানখনৰ মাজেৰে বৈ যোৱা বেঁ‌কী নৈৰ কুলু কুলু শব্দই আকৰ্ষিক কৰিব প্ৰকৃতিপ্ৰেমীসকলক।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।