গোৰেশ্বৰত প্ৰাক্তন সৈনিকৰ সভা

 06/02/2019 - 11:28

গোৰেশ্বৰঃ বাক্সাৰ গোৰেশ্বৰত প্ৰাক্তন সৈনিক সন্থাৰ এখনি সজাগতা সভা অনুষ্ঠিত হয়৷ গোৰেশ্বৰস্থিত কলাগুৰু বিষ্ণুৰাভা ভৱনত অনুষ্ঠিত সজাগতা সভাত ৰাজ্যিক সৈনিক বৰ্ডৰ সঞ্চালক জিএনডি যোশীয়ে সঞ্চালনা কৰে আৰু সভাৰ আঁত ধৰে জিলা বৰ্ডৰ সঞ্চালক দিনেশ কাকতিয়ে৷

প্ৰাক্তন সৈনিকসকলৰ সা-সুবিধা আৰু চৰকাৰী আঁচনিৰ লগতে পেঞ্চনৰ ওপৰত সজাগ কৰাৰ উদ্দেশ্যৰে সজাগতা সভাখন অনুষ্ঠিত কৰে৷ শুক্ৰবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত সজাগতা সভাত দুই শতাধিক প্ৰাক্তন সৈনিকে অংশ লয়৷ উক্ত সভাত তামুলপুৰৰ ছুবেদাৰ মেজৰ ঠাকুৰ প্ৰসাদ পৌড়েল, গোৰেশ্বৰ আৰ্মি কেম্পৰ অ’চি চিবানচি ট্ৰিপাঠী উপস্থিত থাকি ভাষণ ৰাখে।

ইপিনে, সজাগতা সভা উপলক্ষে আয়োজিত বিভিন্ন ধৰণৰ খেল-ধেমালি প্ৰতিযোগিতাৰ পুৰষ্কাৰসমূহ বিতৰণ কৰে। আনহাতে গোৰেশ্বৰ প্ৰাক্তন সৈনিক সন্থাৰ উদ্যোগত অনুষ্ঠিত সভাখনত অংশ লোৱা সকলো প্ৰাক্তন সৈনিকৰ পৰিয়ালক আদৰণি জনায় গোৰেশ্বৰ প্ৰাক্তন সৈনিক সন্থাৰ সভাপতি অনিল চন্দ্ৰ দাসে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।