09/28/2021 - 13:06
in
ডুমডুমাঃ ডুমডুমাৰ হাঁহচৰা পথাৰ গাঁৱত আজি পুৱাই এটা মৃতদেহ উদ্ধাৰ হয়| মৃতদেহটো স্থানীয় এগৰাকী ৪২ বছৰীয়া মহিলা ৰশ্মি গোস্বামীৰ বুলি চিনাক্ত কৰা হয়| পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে ২৬ চেপ্টেম্বৰ তাৰিখে সন্ধিয়া প্ৰায় ৭ বজাত কাষৰ এঘৰত যাবলৈ ওলোৱাৰ পিচৰে পৰা মহিলা গৰাকী নিৰুদ্দেশ হৈ আছিল| নিজ ঘৰৰ নিশ্চয় কাষত এটা নিৰ্মীয়মান ঘৰৰ ভিতৰত খাল এটাত মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছে|
ডুমডুমা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে যদিও মৃতদেহৰ ওপৰত ২ টা প্ৰকাণ্ড শিল প্ৰত্যক্ষ কৰি এইটো এটা হত্যাকাণ্ড বুলি সন্দেহ কৰা হৈছে| সদৌ অসম ভোজপুৰি যুৱ-ছাত্ৰ পৰিষদে ঘটনাৰ উচিত তদন্ত কৰি দোষীক শাস্তি বিহিবলৈ প্ৰশাসনক দাবী জনাইছে|