আজি ভাৰতৰত্ন লতা মংগেশকাৰৰ ওপজা দিন

 09/28/2021 - 14:32
 
 
নিউজ ডেস্কঃ আজি ভাৰতৰত্ন লতা মংগেশকাৰৰ ওপজা দিন। জন্ম হৈছিল ১৯২৯ খ্ৰীষ্টাব্দৰ ২৮ ছেপ্টেম্বৰত, ইন্দোৰ চহৰত। ভাৰতবৰ্ষৰ এইগৰাকী মহীয়সী এগৰাকী সুকণ্ঠী নেপথ্য গায়িকা হিচাবে জনপ্ৰিয়।
 
লতাজীয়ে এতিয়ালৈকে ত্ৰিশটাৰো অধিক ভাষাত কণ্ঠ দিছে- তেখেতে এক হাজাৰৰো বেছি ভাৰতীয় ছবিত গান গাইছে।১৯৪৭ চনত চিত্ৰ নিৰ্মাতা বসন্ত যোগলেকাৰে নিজৰ ছবি আপকী সেৱা(ছেৱা)ত লতাজীক এটা গীত গাবলৈ সুযোগ দিয়ে।
 
গীতটোৰ লগে লগে লতাজীৰ মধুৰ কণ্ঠৰ বিষয়েও চৰ্চা হ'ল। ইয়াৰ পিছতে মজবুৰ ছবিখনৰ দুটি গীতে সমাজত লতাজীৰ স্থিতি সুদৃঢ় কৰিলে। ১৯৪৯ চনত সেই সময়ৰ আটাইতকৈ চৰ্চিত অভিনেত্ৰী মধুবালা অভিনীত মহল কথাছবিখনৰ আয়েগা আনেৱালাশীৰ্ষক গীতটোৱে লতাজীক বহু চৰ্চিত কৰিলে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।