ৰঙিয়াত এগৰাকী বোৱাৰীৰ ৰহস্যজনক আত্মহত্যাঃ হত্যাৰ অভিযোগ পৰিয়ালৰ লোকৰ

 09/28/2021 - 15:00
 
 
ৰঙিয়াঃ সোমবাৰে ৰঙিয়া জামতোলাত সংঘটিত হয় এক ৰহস্যজনক আত্মহত্যাৰ ঘটনা। ঘটনাৰ বিৱৰণি অনুসৰি ৰঙিয়া জামতোলা নিবাসী অংকুৰ বৈশ্যৰ তাত পলাই গৈছিল, পিছত ঘৰৰ মানুহে ভালদৰে বিয়া পাতি দিয়ে দুয়োৰে। বিয়াৰ পিছত সিহঁতক ঘৰৰ মানুহে ঘৰত থাকিব নিদিয়া বাবে ল’ৰাজন আৰু বোৱাৰীজনী ভাড়াঘৰত থাকে। কিন্তু যোৱা 6মাহ মান আগত লৰাৰ মাক-বাপেকে দুয়োকে মাতি লৈ যায় ঘৰত থকাৰ বাবে।
 
মৃত বোৱাৰীজনীৰ ভায়েকৰ ভাষ্য অনুসৰি বোৱাৰীজনীক শাহুয়েক নিৰুপমা বৈশ্য আৰু শহুৰে সুৰেশ বৈশ্যই সদায় যৌতুকৰ বাবে নানা ধৰণৰ কথা শুনাই থাকে। উপায়ন্তৰ হৈ যোৱা 20 দিন মান আগতে ছোৱালীৰ ঘৰৰ মানুহে চোফা, টেবুল আদিকে ধৰি বহু কেইবিধ বস্তু দি থৈ আহে।
 
ভায়েকৰ ভাষ্য অনুসৰি যোৱাকালি ভনীয়েক ঘৰত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় কিন্তু ল’ৰা ঘৰৰ কোনো মানুহে ছোৱালী ঘৰত খবৰ নকৰে বুলি আপত্তি কৰে আৰু ভায়েকজনে শহুৰ আৰু শাহুয়েকৰ ওপৰত হত্যাৰ অভিযোগ তোলে। ঘটনা সন্দৰ্ভত ইতিমধ্যে ৰঙিয়া আৰক্ষী থানাত গোচৰ তৰিছে পৰিয়ালৰ লোকে। আৰক্ষীয়ে মৃতদেহটো আনি মৰণোত্তৰ পৰীক্ষাৰ বাবে ব্যৱস্থা কৰিছে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।