বিশ্বকাপ ক্ৰিকেটৰ বা-বতৰা

 06/02/2019 - 11:58

ডিজিটেল ডেস্কঃ বিশ্বকাপ ক্ৰিকেটৰ কালিৰ মেচত প্ৰথমে বেটিং কৰি শ্ৰীলংকাই সংগ্ৰহ কৰিছিল ১৩৬ ৰান। ২৯.২ অভাৰত শ্ৰীলংকাৰ বেটছমেনে নিউজিলেণ্ডক দিছিল ১৩৭ ৰানৰ টাৰ্গেট। শ্ৰীলংকাৰ বেটছমেন ডি কৰুণাৰানত্নেয়ে ৮৪টা বলত সংগ্ৰহ কৰিছিল ৫২ ৰান।

কিন্তু এটাও উইকেট নেহেৰুৱাই মাত্ৰ ১৬.১ অভাৰত নিউজিলেণ্ডে ভাঙি দিয়ে শ্ৰীলংকাৰ টাৰ্গেট। নিউজিলেণ্ডৰ বেটছমেন মাৰ্টিন গুপ্টিলে ৫১ টা বলত ৭৩ ৰান আৰু কলিন মুনৰোৱে ৪৭ টা বলত ৫৭ ৰান সংগ্ৰহ কৰে। এই খেলত 'মেন অৱ দ্য মেচ’ হয় নিউজিলেণ্ডৰ মেট হেনৰী। তেওঁ ৭ অ’ভাৰত ২৯ ৰান দি ৩ টা উইকেট দখল কৰে।

আনহাতে আফগানিস্তানে কালিৰ মেচত ১০ টা উইকেট হেৰুৱাই ৩৮.২ অ’ভাৰত ২০৭ ৰান কৰিবলৈ সক্ষম হয়। অষ্ট্ৰেলিয়াই ৩ টা উইকেট হেৰুৱাই ৩৪.৫ অ’ভাৰত ২০৯ ৰান কৰি কালিৰ মেচত জয়ী হয়। খেলখনত ১১৪ বলত ৮৯ ৰান কৰি 'মেন অৱ দ্য মেচ’ হয় অষ্ট্ৰেলিয়াৰ ডেভিদ ৱাৰনাৰ।

আজি বিশ্বকাপৰ পঞ্চমখন খেল অনুষ্ঠিত হ’ব লণ্ডনৰ কেনিংটন অ’ভেলত দিনৰ ৩বজাৰ পৰা দক্ষিণ আফ্ৰিকা আৰু বাংলাদেশৰ মাজত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।