কদমতোলা গাঁও পঞ্চায়তত চতুৰ্দশ বিত্তীয় আঁচনিত বিয়াগোম দুৰ্নীতিৰ অভিযোগঃ ৰাইজৰ উত্তাল প্ৰতিবাদ

 09/28/2021 - 18:15
 
 
 
 
নগৰবেৰাঃ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত ৬৫নং কদমতোলা গাঁও পঞ্চায়তত সংঘটিত হৈছে বিয়াগোম দুৰ্নীতি। ৰাইজৰ অভিযোগ মতে পঞ্চায়তৰ সভাপতি আনোৱাৰ হুচাইনে(Photo Given)পঞ্চায়তখনৰ হাচেন আলীৰ ঘৰৰ পৰা সোণাৰ উদ্দিনৰ ঘৰলৈকে যোৱা ৰাস্তা মেৰামতিৰ বাবদ চতুৰ্দশ বিত্তীয় আঁচনিৰ জৰিয়তে ধাৰ্য্য কৰা সাত লাখ টকাৰ কাম খামিডাঠ সভাপতিয়ে সম্পূর্ণ দুৰ্নীতি আৰু অনিয়মৰ মাজেৰে ডেৰ লাখ টকা মান খৰচ কৰি বাকী সমুদায় ধন আত্মহাত কৰাৰ অভিযোগ ৰাইজৰউক্ত ৰাস্তা খনতে থকা কালভাৰ্ট খনৰ বাবদ ধাৰ্য্য কৰা ১,৬০,০০০/-টকাৰ মাত্ৰ ৫০,০০০ টকা মান খৰছ কৰি বাকী সমুদায় টকা আত্মসাৎ কৰাৰ অভিযোগ ৰাইজৰ।
 
ইয়াৰোপৰি ছয়সীমানা বজাৰৰ পশ্চিম ফালে থকা কালভাৰ্ট টোৰ বাবদো ধাৰ্য্য কৰা ১,৬০,০০০/- টকাৰ মাত্ৰ ৫০,০০০/- টকাৰ হে কাম কৰি বাকী সমুদায় টকা আত্মহাত কৰাৰ গুৰুতৰ অভিযোগ ৰাইজৰ। ৰাইজে বাৰম্বাৰ অভিযোগৰ  পাছতো গা-নলৰিল দুৰ্নীতি পৰায়ণ পঞ্চায়ত সভাপতি আনোৱাৰ হুচাইনৰ। উপায়বিহীন হৈ সভাপতিৰ বিৰুদ্ধে ৰাইজে সাব্যস্থ কৰে উত্তাল প্ৰতিবাদ।এতিয়া প্ৰশ্ন হয় ৰাইজৰ এনে প্ৰতিবাদে গা লৰাব পাৰিবনে সংশ্লিষ্ট বিভাগৰ, নে অনগত দিনতো অবাধে দুৰ্নীতিৰ ৰমৰমীয়া বেহা চলাই যাব সেয়া হে হ'ব লক্ষ্যণীয়?
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।