বিজনীত চোৰে গ্ৰীলৰ তলা ভাঙি লুটিলে সোণ

 06/02/2019 - 12:26

বিজনীঃ চিৰাঙ জিলাৰ বিজনী থানাৰ অন্তৰ্গত বিজনী শিয়ালমাৰীত শনিবাৰে সন্ধিয়া এক চুৰিকাণ্ড সংঘটিত হয়। শিয়ালমাৰী নিৱাসী তথা ভাৰতীয় সেনাৰ জোৱান ধনঞ্জয় ৰায়ৰ ঘৰত সংঘটিত হয় এই চুৰিকাণ্ড। উল্লেখ্য ধনঞ্জয় ৰায়ৰ পত্নী ৰুমী ৰায়ে অষ্টম শ্ৰেণীত অধ্যয়নৰত কন্যা সুৰঞ্জনা ৰায়ক আনদিনাৰ দৰে শনিবাৰে বিয়লি কন্যাক টিউচনলৈ লৈ গৈছিল।

সুৰঞ্জনাৰ সৈতে টিউচনৰ পৰা উভতি অহাৰ পিছতহে চুৰিকাণ্ডৰ ঘটনাটো পোহৰলৈ আহে। ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে গ্ৰীলৰ দুটাকৈ তলা ভাঙি কোঠালীৰ ভিতৰত প্ৰৱেশ কৰি আলমিৰাৰ পৰা ৫ লক্ষাধিক টকা মূল্যৰ সোণৰ গহনাৰ লগতে নগদ ১২ হাজাৰ টকা লুটি নিয়ে। ঘটনা সন্দৰ্ভত বিজনী থানাৰ আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ দল এটা ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। উল্লেখ্য ভাৰতীয় সেনা জোৱান ধনঞ্জয় ৰায় বৰ্তমান হিমাচল প্ৰদেশত কৰ্মৰত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।