বকোত শিশু হত্যাকাৰীৰ ফাঁচীৰ দাবীত প্ৰতিবাদ

 09/29/2021 - 12:34
 
 
 
বকোঃ ৰাজ্যখনৰ বিভিন্ন প্রান্তত শেহতীয়াকৈ অতি উদ্বেগজনকভাবে বৃদ্ধি পাবলৈ ধৰিছে শিশু, কিশোৰীৰ ওপৰত হত্যা, নিৰ্যাতনৰ ঘটনা। যোৱা কেইটামান দিনৰ ভিতৰতে ৰাজ্যখনত কেইবাটাও এনে ঘটনা সংঘটিত হোৱা কাৰ্যই সচেতন মহলৰ মাজত তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে।
 
বিশেষকৈ বকোৰ কেকোপাৰাৰ ছয় বছৰীয়া শিশু কন্যা ললিতা বড়ো নামৰ শিশুটিক হত্যা কৰি জ্বলাই গাঁতত পেলাই দিয়া ঘটনাক কেন্দ্ৰ কৰি বকোত থানাৰ চৌহদত আজি প্রতিবাদ সাব্যস্ত কৰিলে স্থানীয়লোকে।
 
বকো থানাৰ চৌহদত হত্যাৰ প্ৰতিবাদত শিশুটিৰ নির্মম হত্যাকাণ্ডৰ বিৰুদ্ধে তীব্র প্রতিবাদ সাব্যস্ত কৰে। আজি স্থানীয়লোকে উলিওৱা এক প্রতিবাদত প্রতিবাদকাৰীয়ে অংশগ্রহণ কৰি বিভিন্ন শ্ল’গান দি হত্যাকাণ্ডৰ ঘটনাৰ নৰপিশাচে এগৰাকী ছয় বছৰীয়া শিশুক নিহত কৰাৰ দৰে নাৰকীয় ঘটনাৰ বিৰুদ্ধেও তীব্র ক্ষোভ প্রকাশ কৰি প্রতিবাদ সাব্যস্ত কৰে। বকো থানাৰ চোহদটোত প্রতিবাদকাৰীসকলে হত্যাকাৰীক ফাঁচী দিয়ক’, ‘আমাৰ দাবী পূৰণ কৰক’ শ্ল’গানেৰে বকো থানা ঘেৰাও কৰে।
 
শিশু হত্যা কৰাৰ ঘঠনাকো তীব্র প্রতিক্রিয়া প্রকাশ কৰি দোষীক ফাঁচী নিদিয়া পর্যন্ত বকোত প্রতিবাদ অব্যাহত ৰাখিব বুলি স্থানীয়লোকে হুংকাৰ দিয়ে। লগতে বকো আৰক্ষী আৰু স্থানীয় লোকৰ তৎপৰতাত হত্যাকাৰীক লৈ শিশুটিক নির্মম হত্যাকাণ্ড সংঘটিত কৰা স্থানলৈ গৈ পর্যবেশন কৰে বকো আৰক্ষীয়ে।
 
ঘটনাস্থলীত গৈ আৰক্ষীৰ সোধা-পোছাত হত্যাকাৰীয়ে কেকোপাৰা গাঁৱৰ পৰা পথাৰলৈ যোৱা আলিটোত শিশুটিক লাঠি এডালেৰে মূৰত মাৰি নৃশংসভাৱে হত্যা কৰি গাঁতত পেলাই দিয়া কথাটো স্বীকাৰ কৰে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।