09/29/2021 - 12:44
in
নিউজ ডেস্কঃ ‘‘বিজেপি নেতাৰ প্ৰৰোচনাৰ বাবেই সংঘটিত হৈছে ধলপুৰ কাণ্ড৷ বিজেপি নেতাই উদ্দেশ্যপ্ৰণোদিতভাৱে প্ৰকাশ কৰিছিল উত্তেজনামূলক মন্তব্য৷ অসমীয়াৰ অস্তিত্ব বিপন্ন কৰা ভাষ্য বাৰে বাৰে উচ্চাৰিত কৰিছিল চৰকাৰী পক্ষই৷ যি ভাষ্যৰ জৰিয়তে প্ৰভাৱিত হৈছিল ফটোগ্ৰাফাৰজনৰ দৰে লোক৷ ফটোগ্ৰাফাৰজন দোষী নহয়, দোষী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷’’ – এই মন্তব্য কংগ্ৰেছ বিধায়ক ৰকিবুল হুছেইনৰ।
PFI তথা অন্যান্য দালালে ধন সংগ্ৰহ কৰা সন্দৰ্ভত উঠা অভিযোগক লৈ প্ৰত্যুত্তৰ দিলে ৰকিবুল হুছেইনে৷ তেওঁ কয় যে যদি চৰকাৰ অৱগত আছিল তেন্তে কিয় পূৰ্বে গ্ৰহণ নকৰিলে ব্যৱস্থা৷ যদি গম পোৱা নাছিল তেন্তে চৰকাৰ ব্যৰ্থ বুলি প্ৰমাণিত হৈছে৷ ৰকিবুল হুছেইনে ক’লে, ‘‘AIUDF–এ বিজেপিৰ সুৰত সুৰ দিছে৷ AIUDF জন্ম নহ’লে এই সমস্যাৰ সৃষ্টি নহ’লহেঁতেন৷’’ উল্লেখ্য যে কংগ্ৰেছ–AIUDFৰ মিত্ৰতা সন্দৰ্ভত পুনৰবাৰ কংগ্ৰেছৰ ভুল আছিল বুলি মন্তব্য কৰে ৰকিবুল হুছেইনে৷