বৃহস্পতিবাৰে ধেমাজিত অনুষ্ঠিত হ’ব ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকঃ দিছপুৰৰ বাহিৰত অনুষ্ঠিত হ’ব কেবিনেটৰ প্ৰথমখন বৈঠক

 09/29/2021 - 13:40
 
 
নিউজ ডেস্কঃ বৃহস্পতিবাৰে ধেমাজিত অনুষ্ঠিত হ’ব ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। দিছপুৰৰ বাহিৰত অনুষ্ঠিত হ’ব কেবিনেটৰ প্ৰথমখন বৈঠক। গায়ন-বায়ন আৰু জনগোষ্ঠীয় সাংস্কৃতিক দল সাজু VVIPক আদৰিবলৈ। ধেমাজিৰ আবৰ্ত ভৱন কেবিনেটৰ বাবে সজাই পৰাই তোলা হৈছে। আবৰ্ত ভৱনত মুখ্যমন্ত্ৰীকে ধৰি ১১ জন মন্ত্ৰী থাকিব। মন্ত্ৰীসকলক আপ্যায়নৰ বাবে কৰা হৈছে বিশেষ ব্যৱস্থা। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।