কামপুৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিষ্ঠাপক লোকসেৱক হলধৰ ভূঞাৰ ১৩১তম জন্মজয়ন্তী উপলক্ষে বন্তি প্ৰজ্বলন

 09/29/2021 - 14:16
 
 
 
 
কামপুৰঃ কামপুৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিষ্ঠাপক লোকসেৱক হলধৰ ভূঞাৰ ১৩১তম জন্ম জয়ন্তী উপলক্ষে যোৱা ১৮ ছেপ্তেম্বৰত লোকসেৱক জনৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰে। এই অনুষ্ঠানত উপস্থিত থাকে শংকৰ সংঘৰ কামপুৰ জিলা শাখাৰ সভাপতিকে ধৰি আন সদস্যসকল। উল্লেখ্য যে লোকসেৱক জনৰ জন্মভূমিত প্ৰতিস্থা কৰা প্ৰতিমূৰ্তিটো অতিকে জৰাজীৰ্ণ ৰূপ লৈছে। কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘকে ধৰি কোনো পক্ষই মূৰ্তি এই দুৰৱস্থাৰ প্ৰতি গুৰুত্ব নিদি মাথোন জন্ম দিৱসৰ দিনা বন্তি ধুপ-ধুনা জ্বলাই নাম কিনা কাৰ্যক গৰিহনা দিছে ভক্ত সকলে।
 
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একনিষ্ঠ সাধক প্ৰতিষ্ঠাপক লোকসেৱক হৰধৰ ভূঞাৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ বাবে ২০১০ চনত জন্মভূমি কামপুৰৰ তেতেলীসৰাত এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছিল। কিন্তু বিভিন্ন কাৰণত প্ৰতিমূৰ্তিটো ভাঙি যাব ধৰে। ২০১৫ চনত সংঘৰ প্ৰধান সচিব আৰু প্ৰদাধিকাৰ গৰাকীক অৱগত কৰা হৈছিল যদিও ছটা বছৰ পাৰ হোৱাৰ পিছতো ইয়াৰ মেৰামতি নহৈ মূৰ্তিটো অৱস্থা অতি জৰাজীৰ্ণ হৈ পৰিছে।
 
এনে অৱস্থাত ১৮ মেত এই প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰি ১৩১ তম জন্মজয়ন্তী উদযাপন কৰে। অনুষ্ঠানটোত উপস্থিত থাকে শ্ৰী মন্ত শংকৰদেৱ সংঘৰ কামপুৰ জিলা শাখাৰ সভাপতি স্বৰাজ মোহন বৰা।লোকসেৱক জনৰ জন্ম দিনটোত তেখেতৰ জন্মভূমিত থকা মূৰ্তিটো মেৰামতি কৰাটোহে অতিকে প্ৰয়োজন আছিল বুলি বহুজনে মন্তব্য কৰিছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।