নগৰবেৰাৰ বদলা ৰাঙাপানীত কৃষি বিভাগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

 09/29/2021 - 14:49
 
 
 
নগৰবেৰাঃ খেতি কৰিব গৈ সাৰৰ অভাৱত হাহাকাৰ লাগিছে গ্ৰামাঞ্চলৰ দুখীয়া কৃষকৰ, কৃষি বিভাগে যোগান ধৰা সাৰ পৰ্যাপ্ত নোহোৱাত বিমোৰত পৰিছে দুখীয়া কৃষক, বিষয়টোক লৈ কৃষকৰ উত্তাল প্ৰতিবাদ। এই দৃশ্য নগৰবেৰাৰ বদলা-ৰাঙাপানী অঞ্চলৰ, সাৰৰ অভাৱত বিঘাই-বিঘাই জলকীয়া খেতি কৰি শ’লঠেকত পৰিছে অঞ্চলটোৰ শ-শ কৃষক।
 
উপায়বিহীন হৈ কৃষকসকল ৰাজপথলৈ ওলাই সাৰৰ মূল্য ৰাজহুৱা কৰা, পৰ্যাপ্ত পৰিমাণৰ সাৰ যোগান ধৰা আদি বিভিন্ন শ্ল’গান দি সাৱ্যস্ত কৰে উত্তাল প্ৰতিবাদ। বুধবাৰৰ পুৱাই এইদৰে বদলা-ৰাঙাপানী বজাৰত কৃষকসকলে চৰকাৰৰ বিয়াগোম কৃষি বিভাগৰ বিৰুদ্ধে সাৱ্যস্ত কৰে প্ৰতিবাদ। আনহাতে একাংশ ক’লা ব্যৱসায়ীয়ে সাৰৰ বেগৰ নিৰ্ধাৰিত মূল্যতকৈ দুই/তিনি গুণ অধিককৈ কৃষকক বিক্ৰী কৰি মাধমাৰ শোধোৱা বুলিও প্ৰতিবাদী কৃষকৰ ভাস্য।শীঘ্ৰে পৰ্যাপ্ত সাৰৰ যোগান নিদিলে অঞ্চলটোৰ দুখীয়া কৃষকলৈ অশণি সংকেত কঢ়িয়াইছে, বিষয়টো বিবেচনাৰ বাবে চৰকাৰক কৃষক সকলে দাবী জনাইছে।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।