09/29/2021 - 16:40
in
নিউজ ডেস্কঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি বিশ্বনাথ জিলাত কেইবাটাও চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷ সাংবাদিকৰে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কাগজ কল সম্পৰ্কত মন্তব্য কৰে যে, 'পেপাৰ মিলৰ সম্পৰ্কত থকা সকলো সমস্যা সমাধান হৈছে ৷ ধেমাজি কেবিনেটত পেপাৰ মিলৰ সম্পৰ্কে সীদ্ধান্তলৈ ৰাইজক জনোৱা হ'ব। পেপাৰ মেলৰ কৰ্মচাৰী আৰু অসম চৰকাৰৰ মাজৰ সমস্যাসমূহ প্ৰায় সমাধান হৈছে ৷
বৃহস্পতিবাৰে ধেমাজিত অনুষ্ঠিত হ'বলগীয়া কেবিনেট বৈঠকে অনুমোদন জনোৱাৰ পিছতেই সকলো কথা ৰাজহুৱা কৰিম 'আনহাতে ধেমাজিত অনুষ্ঠিত হ'বলগীয়া কেবিনেট বৈঠকৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে জনাই যে, গুৱাহাটীৰ পৰা ওলোৱা মন্ত্ৰী সকলক উত্তৰ পাৰ আৰু দক্ষিণ পাৰ ভগাই দিয়া হৈছে ৷
কেবিনেট বৈঠকলৈ আহোতে এজন মন্ত্ৰীয়ে এটা SDC অফিচ, এখন হাস্পতাল, এটা অংগনবাড়ী কেন্দ্ৰ আৰু এখন স্কুল পৰিদৰ্শন কৰিব লাগিব ৷ কেবিনেটৰ পৰা উভতি যাওতে উত্তৰপাৰেৰে অহা মন্ত্ৰীসকল দক্ষিণ পাৰেেৰে আৰু দক্ষিণ পাৰৰে অহা মন্ত্ৰীসকল উত্তৰ পাৰেৰে যাব লাগিব।উভতি যোৱাৰ সময়তো এটা ভেকচিন চেণ্টাৰত সোমোৱাৰ লগতে এজন অৰুণোদয় হিতাধিকাৰী, এজন বৃদ্ধ পেঞ্চন পোৱা হিতাধিকাৰী, এগৰাকী বিধবা পেঞ্চন পোৱা হিতাধীকাৰীক লগ কৰি যাব লাগিব মন্ত্ৰীসকলে।আনহাতে বেদখল হৈ থকা মাটিত উচ্ছেদ চলি থাকিব বুলি মন্তব্য কৰা মুখ্যমন্ত্ৰীগৰাকীয়ে যিখিনি চৰকাৰী ভূমিত এতিয়াও বেদখল চলি আছে সেই ভূমি উচ্ছেদ নকৰাৰ পূৰ্বেই বেদখলকাৰীক ভূমি এৰিবলৈ আহ্বান জনায় ৷