জলসিঞ্চন বিভাগৰ কৰ্মচাৰী নহয়, প্ৰদীপ কলিতা মাটিৰ দালাল হে!

 09/29/2021 - 17:37
ৰঙিয়াঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ব্যাপক তৎপৰতাৰ পিছত ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহত চলা দালালৰাজ প্ৰায় উৎখাত হোৱাৰ দিশে আগবাঢ়িছে। চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত পিয়াপি দি থকা মাটিৰ দালালসকলক আটক কৰি ৰঙা ঘৰত সোমোওৱাৰ পিছতেই দালালৰ দপদপনি কিছু পৰিমাণে কমিছে। সমান্তৰালকৈ এইবাৰ মুখ্যমন্ত্ৰীৰ তৎপৰতাত চলিছে জিলা পৰিবহন বিষয়াৰ কাৰ্য্যালয়ত থকা দালালৰ বিৰুদ্ধে অভিযান। মুঠতে ৰাজ্যখনৰ প্ৰতিটো চৰকাৰী কাৰ্যালয়ত থকা দালালৰাজৰ বিৰুদ্ধে একপ্ৰকাৰ যুদ্ধ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে।
 
দালালমুক্ত অসমৰ স্বপ্নেৰে এতিয়া প্ৰতিজন দালালৰ চকুত টোপনি নোহোৱা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। কিন্তু তাৰ মাজতে আৰক্ষীৰ চকুৰ পৰা সাৰি গৈছে বহু দালাল। ইতিমধ্যে আমি প্ৰতিবেদনযোগে এইসমূহ দালালৰ নাম, ঠিকনা প্ৰকাশ কৰিছো। এইবাৰ আন এজন দালালৰ কথা আমি কব ওলাইছোঁ। এই লোকজন হৈছে কামৰূপ জিলাৰ চেপ্তি নকুল গাঁও পঞ্চায়তৰ অধীনস্থ গৰকা গাঁৱৰ প্ৰদীপ কলিতা। প্ৰদীপ কলিতা পেছাত এজন তামুলপুৰ সংমণ্ডলৰ জলসিঞ্চন বিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী। অভিযোগ অনুসৰি, প্ৰদীপ যদিও এজন চৰকাৰী কৰ্মচাৰী, তেওঁৰ মূল পেচা হ'ল দালালি। মাহত এদিন বা দুদিন কাৰ্যালয়ত উপস্থিত হৈ নিজৰ উপস্থিতিৰ চহী কেইটা কৰি তেওঁ ব্যস্ত থাকে মাটিৰ দালালিৰ কামত।
 
যাৰবাবে স্থানীয় ব্যক্তিয়ে তেওঁক নাজানে চৰকাৰী চাকৰিয়াল বুলি। চাকৰিৰ উপস্থিতিৰ কথা যদি কোনোবাই তেওঁক সোধে, তেওঁ সগৌৰৱে কয় উচ্চ পদস্থ বিষয়াক মেনেজ কৰি থোৱা বুলি। কাৰ্য্যালয়ৰ কামৰ বিপৰীতে এওঁৰ ৰাতিপুৱাৰ পৰা ৰাতিলৈ কেৱল দৈনিক কাম হ'ল মাটি কিনা বেচাৰ নামত দালালি কৰা। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে দালালসকলৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণৰ পিছতেই এইজন প্রদীপ কলিতাই নিজ বাসগৃহৰ পৰিবৰ্তে অন্য ব্যক্তিৰ ঘৰত নিশা কটোৱাৰো তথ্য আছে।
 
যি সময়ত ৰাজ্যৰ লাখ লাখ নিবনুৱাই এটা চাকৰিৰ বাবে হাহাকাৰ কৰি আছে সেইসময়তে এনেকুৱা এচাম চৰকাৰী কৰ্মচাৰীয়ে নিজৰ দায়িত্ব পালনৰ পৰিবৰ্তে কেৱল মাটিৰ দালালি কৰি থকাটো চৰম পৰিতাপৰ বিষয় হিচাপে পৰিগণিত হৈছে। গতিকে এনেকুৱা এচাম কামচোৰ চৰকাৰী কৰ্মচাৰীৰ তথা মাটিৰ দালালৰ বিৰুদ্ধে চৰকাৰ তথা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে তাৰ প্ৰতি বৃহত্তৰ ৰঙিয়া অঞ্চলৰ প্ৰতিজন লোকে আগ্ৰহেৰে বাট চাইছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।