09/29/2021 - 17:44
in
ডুমডুমাঃ ২০০৩ চনৰ আজিৰ দিনটোতে তিনিচুকীয়া জিলাৰ খোবাং চাহ-বাগিচাত আৰক্ষীৰ গুলিত বাগিচাখনৰ শ্ৰমিক ফুলকুমাৰী কালন্দী, ৰাধে নায়ক, সঞ্জু কালন্দী, সঞ্জীৱ খাড়ীয়া আৰু নিকলাছ মিঞ্জে প্ৰাণ আহুতি দিবলগীয়া হৈছিল৷ বছৰটোৰ হাড়ভঙা পৰিশ্ৰমৰ বিনিময়ত দুৰ্গোৎসৱৰ পূৰ্বে ৰাজ্যখনৰ চাহ শ্ৰমিকে লাভ কৰে বোনাচ| ২০% বোনাচ চাহ শ্ৰমিকৰ প্ৰাপ্য, কিন্তু পুঁজিপতি বাগিচা কৰ্তৃপক্ষৰ পৰা খাটিখোৱা এই শ্ৰমিকসকলে কষ্ট আৰু ঘামৰ উচিত মূল্য পাবলৈ সক্ষম নহয়|
শ্ৰমিক সংগঠন কিম্বা চৰকাৰ সকলোৱে শ্ৰমজীৱি চাহ শ্ৰমিকক তেওঁলোকৰ ন্যায্য প্ৰাপ্য প্ৰদান কৰিবলৈ কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰে, যাৰ ফলশ্ৰুতিত শোষিত-লাঞ্চিত-বঞ্চিত শ্ৰমিকে নিজ প্ৰাপ্য আদায় কৰাৰ স্বাৰ্থত আন্দোলন আৰু প্ৰতিবাদৰ পথ বাচি লবলৈ বাধ্য হয়| তেনে প্ৰতিবাদ কৰিবলৈ যাওঁতে খোবাং চাহ-বাগিচাৰ ৫ জনকৈ শ্ৰমিকে আৰক্ষীৰ গুলি খাই মৃত্যুক আকোৱালি ল’বলগা হৈছিল|
আজি ১৮ বছৰ ওকলি যোৱাৰ পিচতো বাগিচাখনত বোনাচকলৈ শ্ৰমিক ৰাইজে প্ৰতিবছৰে দাবী-প্ৰতিবাদ কৰিব লগা হোৱাটো অতিকৈ দুৰ্ভাগ্যজনক| অসম চাহ জনজাতি ছাত্ৰ সন্থাই আজি খোবাং বাগিচাৰ কাৰ্য্যালয় সন্মুখত থকা পঞ্চ শ্বহীদৰ স্মাৰকথলিত শ্বহীদ দিৱস পালন কৰি শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে| অনুষ্ঠানত শ্বহীদসকলৰ পৰিয়ালবৰ্গ, বাগিচা কৰ্তৃপক্ষ, ছাত্ৰ সংগঠন, শ্ৰমিক সংগঠন আৰু স্থানীয় চাহ শ্ৰমিকে অংশগ্ৰহণ কৰি শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে|