ঘগ্ৰাপাৰত ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে শিশু মংগল অনুষ্ঠান

 09/29/2021 - 17:59
 
 
নলবাৰীঃ ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে আজি নলবাৰী জিলাৰ ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ‍্যোগত ঘগ্ৰাপাৰ হৰিমন্দিৰত শিশু মংগল অনুষ্ঠান হৈ যায়। উক্ত অনুষ্ঠানত থলুৱা খাদ্যৰ মেলা আৰু শিশু মংগল কৰা হয় লগতে এখন সজাগতা সভা অনুষ্ঠিত হয়।
 
সভাখনৰ সভাপতিত্ব কৰে শিক্ষাবিদ স্বাপন চক্ৰৱৰ্তীয়ে। অনুষ্ঠানত বিভিন্ন কলাকৃষ্টি আৰু শিশু শিল্পীৰ লগতে অংগনৱাড়ী কৰ্মীয়ে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰে ৰাইজৰ মন আল্পুত কৰে।
 
প্ৰকল্পটোৰ কাৰ্যালয় সহায়ক চোৰহাব আলী আৰু পোষণ অভিযানৰ খণ্ড প্ৰকল্প সহায়ক তপন ভট্টাচাৰ্যই আঁত ধৰা অনুষ্ঠানটিত  বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ঘগ্ৰাপাৰ সমুহীয়া স্বাস্থ্যকেন্দ্ৰৰ চিকিৎসক ডাঃ বিনয় এছ সিনহা, ঘগ্ৰাপাৰ সংহত শিশু উন্নয়ণ প্ৰকল্পৰ বিষয়া-- নাছৰিন চুলতানা, এন আৰ চি নলবাৰীৰ আহাৰ বিশেষজ্ঞ বিলকিছ আহমেদ, আশা ছুপাৰভাইজাৰ ধৰিত্ৰী ডেকা, অংগৱাড়ী সংস্থাৰ নলবাৰী জিলাৰ সম্পাদিকা ইলামণি কলিতা আদিয়ে ৰাষ্ট্ৰীয় পোষণ মাহৰ লক্ষ্য উদ্দেশ্যৰ ওপৰত বিশদভাৱে মন্তব্য কৰে।
 
অনুষ্ঠানত প্ৰকল্পটোৰ ছুপাৰভাইজাৰ ভাৰতী মেধি, ৰুনুমী দেবী, বিনীতা দেবী, বিনা মহন্ত, ভানু দেবীকে ধৰি ডেৰ শতাধিক অংগনাৱাড়ী কৰ্মী-সহায়িকা আৰু স্থানীয় মাতৃসকলৰ লগতে গণ্য-মান‍্য ব্যক্তিসকল উপস্থিত থাকে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।