09/29/2021 - 18:17
in
ডুমডুমাঃ ডুমডুমাৰ দিয়ামুলী চাহ-বাগিচাত অইল ইণ্ডিয়া লিমিটেডে চাহ শ্ৰমিকক চৰম প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপন হৈছে| বাগিচাখনত ২০১৯ বৰ্ষত অইল ইণ্ডিয়াই পাইপ লাইন বহোৱাৰ নামত বাগিচাখনৰ বহু পৰিমাণৰ চাহ গছ উচ্ছেদ কৰাত বাগিচাখনৰ চাহ শ্ৰমিকে জাঙুৰ খাই উঠিছিল| কিন্তু পৰৱৰ্তী সময়ত বাগিচা শ্ৰমিকৰ বাবে বহু উন্নয়ণমূলক কাম কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি বাগিচাখনত অইল ইণ্ডিয়াই পাইপ লাইন স্থাপন কৰে|
কিন্তু অভিযোগ অনুসৰি অইল কৰ্তৃপক্ষই বাগিচাৰ শ্ৰমিকক প্ৰদান কৰা প্ৰতিশ্ৰুতি ৰক্ষা নকৰি বাগিচাখনৰ ৩৩ নং চেকচনৰ ২২ বিঘা চাহগছ উচ্ছেদ কৰি তেলখাদ স্থাপন কৰিব লৈছে| এই কথাত ক্ষুদ্ধিত শ্ৰমিকে আজি অইল ইণ্ডিয়াই বাগিচাখনত অব্যাহত ৰখা সকলো ধৰণৰ কাম-কাজ বন্ধ ঘোষণা কৰি প্ৰতিবাদ সাব্যস্ত কৰে| বাগিচাখনৰ শ্ৰমিকে আজি নতুনকৈ স্থাপন কৰিবলৈ লোৱা তেলখাদস্থলীত তীব্ৰ প্ৰতিবাদ জনাই বাগিচাখনত অব্যাহত থকা অইল ইণ্ডিয়াৰ সকলো কাম-কাজ অনিৰ্দিষ্ট কাললৈকে বন্ধ ঘোষণা কৰে|