গোলাঘাটৰ ঘিলাধাৰী আৰক্ষী থানাত চাঞ্চল্যকৰ ঘটনাঃ কৰ্তব্যৰত অৱস্থাত নিজৰ মূৰত গুলিয়াই আত্মহত্যা ASRF জোৱানৰ

 09/29/2021 - 18:35
 
 
নিউজ ডেস্কঃ গোলাঘাটৰ ঘিলাধাৰী আৰক্ষী থানাত ৰহস্যজনকভাৱে নিজৰ মূৰত গুলিয়াই আত্মহত্যা ASRF জোৱানৰ। জোৱানজনৰ নাম মনোৰঞ্জন সিনহা আৰু বয়স ৫৭ বছৰ। কৰ্তব্যৰত অৱস্থাত ঘিলাধাৰী থানাৰ নিজ বেৰেকত এটা 7.62 mm SLR ৰাইফলেৰে নিজৰ মূৰত গুলীয়াই আত্মহত্যা কৰে জোৱানজনে। বেৰেকত থকা অন্য জোৱানসকল গুলিৰ শব্দত উচপ খাই উঠে। আত্মহত্যাৰ কাৰণ এতিয়ালৈও জানিব পৰা হোৱা নাই।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।