09/29/2021 - 19:30
in
মাৰ্ঘেৰিটাঃ আজি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত লিডু শামুকজান সামূহিক প্ৰেক্ষগৃহত অসংগঠিত শ্ৰমিকৰ সজাগতা সভা আৰু ই-শ্ৰম পঞ্জীকৰণ শিবিৰ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে মুকলি কৰে। আজিৰ এই শিবিৰত শতাধিক শ্ৰমিকৰ ই-শ্ৰম পঞ্জীয়ণ কৰাৰ লগতে দহজনকৈ অসংগঠিত শ্ৰমিকক ই-শ্ৰম কাৰ্ড বিতৰণ কৰা হয়।
ই-শ্ৰম কাৰ্ডৰ বাবে আবেদন কৰিবলৈ হ’লে আধাৰ কাৰ্ড, বেংকৰ পাছ বুকৰ লগতে ফোন নং দি ৰেজিষ্ট্ৰেচন কৰিব লাগিব। আৰু ই-শ্ৰম কাৰ্ডৰ পঞ্জীয়ণৰ সুবিধা সকলো অৰুণোদয় কেন্দ্ৰ আৰু CSC চেণ্টাৰত বিনামূলীয়াকৈ প্ৰদান কৰা হব বুলি উল্লেখ কৰে মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে।