ডুমডুমা প্ৰেছ ক্লাবত প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছ নেতা দূৰ্গা ভূমিজৰ সংবাদ মেল

 09/29/2021 - 19:38
 
 
 
 
ডুমডুমাঃ "নিৰ্বাচনৰ সময়ত ৰাজ্যখনৰ চাহ শ্ৰমিকক নানা প্ৰলোভন দিয়া হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে চাহ জনগোষ্ঠী আৰু চাহ শ্ৰমিকক চৰম প্ৰৱঞ্চনা কৰিছে"| "ৰাজ্যখনৰ চাহ শ্ৰমিক গৃহ বৰ্তমান অন্ধকাৰ ছন্ন"| "বিজুলী বিলৰ নামত চাহ শ্ৰমিকৰ ওপৰত মাধমাৰ দিছে বিজেপিয়ে"|
 
এই ভাষ্য ডুমডুমা সমষ্টিৰ প্ৰক্তন বিধায়ক তথা কংগ্ৰেছ নেতা দূৰ্গা ভূমিজৰ| আজি ডুমডুমা প্ৰেছ ক্লাবত সংবাদ মেল আয়োজন কৰি নেতা গৰাকীয়ে চাহ শ্ৰমিকৰ বোনাচ প্ৰসংগত চাহ মজদুৰ সংঘৰ নেতৃত্বই বাগিচা কৰ্তৃপক্ষৰ সৈতে মিতিৰালি কৰাৰ বাবেই শ্ৰমিকে ২০% শতাংশ বোনাচৰ পৰা বঞ্চিত হোৱাৰ লগতে চৰকাৰৰ তুষামোদ কৰা তথা তৈল মৰ্দনত ব্যস্ত থকাৰ বাবেই চাহ জনগোষ্ঠী আৰু চাহ শ্ৰমিকে বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ থাকিব লগা হৈছে|
 
নেতা গৰাকীয়ে আৰু কয় যে, হিমন্ত বিশ্ব শৰ্মা ১০ বছৰে শিক্ষামন্ত্ৰী হৈ থাকোতে চাহ-বাগিচাত হাইস্কুল স্থাপন নকৰি নিৰ্বাচনৰ পূৰ্বে চাহ শ্ৰমিকক টোপ দি বাগিচাত হাইস্কুলৰ আধাৰশিলা কৰিলে যদিও আগন্তক নিৰ্বাচনৰ পূৰ্বে স্কুল বিলাকত পাঠদান আৰম্ভ হোৱাৰ সম্ভাৱনা নাই|
 
প্ৰাক্তন বিধায়ক গৰাকীয়ে গুৰুতৰ অভিযোগ আনি কয় যে ডুমডুমা অঞ্চলত গাঁও আৰু চাহ-বাগিচাত বহুতো খিলঞ্জীয়া পৰিয়ালে চৰকাৰী ৰেচন কাৰ্ডৰ পৰা বঞ্চিত হৈ আছে আনহাতে ডুমডুমাৰ সৰহ সংখ্যক ধনী হিন্দীভাষী লোকসকলে বিহাৰত আৰু অসমত ২ টাকৈ ৰেচন কাৰ্ড আৰু ভোটাৰ কাৰ্ড লাভ কৰি আছে, গতিকে চৰকাৰ তথা প্ৰশাসনে এনেলোকক চিনাক্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিব লাগে|
 
বিশেষকৈ ডুমডুমা অঞ্চলৰ বহু কেইটা চাহ-বাগিচাৰ চাহ শ্ৰমিকক বিজুলী বিলৰ ৮ হাজাৰ ১০ হাজাৰ প্ৰেৰণ কৰি বিল অনাদায় চাহ শ্ৰমিকৰ গৃহৰ বিজুলী সংযোগ বিচ্ছিন্ন কৰাত চাহ শ্ৰমিক অন্ধকাৰত থাকিব লগা হোৱাত নেতা গৰাকীয়ে চাহ শ্ৰমিকৰ বিজুলী বিল মাফ কৰিবলৈ দাবী জনাই| 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।