মুখ্যমন্ত্ৰী হোৱাৰ পিছত পোন প্ৰথমবাৰৰ বাবে গহপুৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

 09/29/2021 - 19:47
 
 
 
গহপুৰঃ গহপুৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হোৱাৰ পিছত পোন প্ৰথমবাৰৰ বাবে উপস্থিত হয়হি গহপুৰত। বিহালীত তিনিটা কাৰ্য্যসূচীত অংশগ্ৰহণৰ পিছতেই গহপুৰৰ ঘাঁহিগাঁৱত উপস্থিত হৈ পাঁচটাকৈ স্থানৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। চিগনেচাৰ আঁচনিৰ অধীনত নিৰ্মীয়মান ঘাঁহিগাঁও ষ্টেডিয়ামৰ কামৰ অগ্ৰগতি বুজ লয়।
 
ইয়াৰ পিছতেই ঘাঁহিগাঁও চাৰিআলিত শ্বহীদ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিৰ গড়কাপ্তানী পথৰ দ্বাৰ মুকলি কৰে। তাৰ পিছতেই শ্বহীদ কনকলতাৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ লগত বাৰ্তালাপ কৰে।
 
বৰঙাবাৰীস্থিত কনকলতা বৰুৱাৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলী অৰ্পণ কৰি ডিপৰাৰ শ্ৰী শ্ৰী মা কল্যাণী দেৱালয়ৰ কামৰ অগ্ৰগতি বুজ লোৱাৰ লগতে মা চৰনত আশীষ গ্ৰহণ কৰে। উক্ত ভ্ৰমনসূচীত মুখ্যমন্ত্ৰীক সংগ দিয়ে সাংসদ পল্লৱলোচন দাস, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ আৰু গহপুৰৰ বিধায়ক উৎপল বৰা।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।