10/01/2021 - 12:38
in
টীয়কঃ টীয়ক চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ পঞ্চম ষান্মাসিকৰ মেধাৱী ছাত্ৰী স্মৃতি বৰাৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱা খবৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছিল। চিকিৎসকৰ পৰামৰ্শ মতে অতি সোনকালেই মেধাৱী ছাত্ৰী স্মৃতিৰ নতুন কিডনী সংস্থাপন কৰিব লাগে। দুখীয়া পৰিয়ালতো নিৰুপাই হৈ সংবাদ মাধ্যমৰ জৰিয়তে হৃদয়বান লোকৰ পৰা সহায় বিচাৰিছিল মেধাৱী ছাত্ৰী স্মৃতিৰ উন্নত চিকিৎসাৰ বাবে।
বহুজনে নিজৰ সামৰ্থ অনুযায়ী সহায় কৰিছে পৰিয়ালটোক। আনহাতে দুৰ্ভগীয়া ছাত্রী গৰাকী হেকাৰৰ কবলত পৰাৰো এক ঘটনা সংঘটিত হৈছিল। সংবাদ মাধ্যমৰ বাতৰিৰ জৰিয়তে খবৰ পাই আজি স্মৃতিৰ ঘৰত সাংসদ তপন গগৈ উপস্থিত হৈ দুৰ্ভগীয়া পৰিয়ালটোক মেধাৱী ছাত্ৰী স্মৃতি বৰাৰ উন্নত চিকিৎসাৰ বাবে সকলো ধৰণৰ সহায়ৰ আশ্বাস প্ৰদান কৰে।