তিতাবৰত অৰ্ধগলিত অৱস্থাত উদ্ধাৰ নাহৰফুটুকীৰ মৃতদেহ

 06/02/2019 - 13:03

তিতাবৰঃ তিতাবৰ বান্দৰচলিয়া টাইৰুণ চাহ বাগিচাৰ ন' নম্বৰ শাখাত উদ্ধাৰ হয় এটা নাহৰফুটুকীৰ মৃতদেহ। নাহৰফুটুকীটোৰ দৈৰ্ঘ্য প্ৰায় ১.৯০ মিটাৰ।

চাহ বাগিচাত কাম কৰি আহি থকা অৱস্থাত শ্ৰমিকসকলে দুৰ্গন্ধ পাই চাবলৈ যাওঁতে প্ৰত্যক্ষ কৰে বাঘটোৰ মৃতদেহ আৰু শ্ৰমিকসকলে লগে লগে বন বিভাগক খবৰ দিয়ে।

বাঘটোৰ খাদ্যত বিষক্ৰিয়া হৈ মৃত্যু ঘটিছে বুলি জানিবলৈ দিয়ে বনবিভাগে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।