10/01/2021 - 13:09
in
জামুগুৰিহাটঃ জামুগুৰিহাটৰ উত্তৰ ছিলাবন্ধা গাঁওপঞ্চায়ত প্ৰাংগনত বৃহস্পতিবাৰে কভিড-১৯ সন্দৰ্ভত বিশেষ সজাগত সভা অনুষ্ঠিত হয়৷ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধিনৰ ফিল্ড আউটৰিচ ব্যুৰ তেজপুৰৰ উদ্যোগত বিশেষ সজাগতা কাৰ্য্যসূচী ও কভিড-১৯ প্ৰতিহত কৰাৰ উপযুক্ত বিধি বিধান সন্দৰ্ভত আয়োজিত সভাখনি গাঁওপঞ্চায়ত খনৰ সভাপতি তথা সাংস্কৃতিক কৰ্মী জয়ন্ত বৰাৰ সভাপতিত্বত অনুষ্ঠিত হয়৷
সভাৰ আঁত ধৰে ক্ষেত্ৰ প্ৰচাৰ বিষয়া সাৰংগপানি বৰাই৷ অঞ্চলটোৰ শতাধিক অংগনবাড়ী কৰ্মী, আশাকৰ্মী, জীৱিকা শখী আৰু ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কভিড মহামাৰীৰ সম্পৰ্কীয় বিষয় সন্দৰ্ভত কুইজ, আকস্মিক বক্তৃতা, আৰু ছিত্ৰাংকন প্ৰতিযোগীতাৰ অংশগ্ৰহণকাৰীক শ্ৰেষ্ঠতাৰ ভিত্তিত পুৰস্কাৰ প্ৰদান কৰা হয়৷ ইয়াৰ মাজতে নাটকৰ জৰিয়তে কভিডৰ বৰ্ণনা কৰি “বিষ্ণুজ্যোতি কলাকেন্দ্ৰই” পৰিৱেশন কৰা নাট্যাভিনয়ে সকলোৰো দৃষ্টি আকৰ্ষণ কৰে৷
অনুষ্ঠানটিত মহকুমা চিকিৎসা ও স্বাস্থ্য বিষয়া ডা০ ৰূপক বৰুৱাই কভিড-১৯ মহামাৰীৰ পৰা নিজকে ৰক্ষা কৰাৰ উপায় সন্দৰ্ভত বহল ব্যাখ্যা দাঙি ধৰি সকলোকে চৰকাৰৰ কভিড বিধি মানি চলি মাস্ক পৰিধান কৰা সামাজিক দূৰত্বৰ বজাই ৰখা চেনিটাইজাৰ কৰাৰ লগতে সকলোকে কভিড প্ৰতিষেধক ভেকচিন লোৱাৰ পৰামৰ্শ আগ বঢ়ায়৷ সভাপতি জয়ন্ত বৰাই কভিড মহামাৰীৰ পৰা নিজকে ৰক্ষা কৰি আনকো ৰক্ষা কৰাৰ ক্ষেত্ৰত সজাগতা বৃদ্ধি কৰাৰ হকে কাম কৰিবলৈ সকলোকে আহ্বান জনায়৷