সৰুপথাৰত ভূমি পট্টা প্ৰদানৰ দাবীত ২ ঘণ্টীয়া ধৰ্ণা কাৰ্য্যসূচী আটছাৰ

 10/01/2021 - 13:24
 
 
 
 
সৰুপথাৰঃ গোলাঘাট জিলাৰ সৰুপথাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত আজি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সৰুপথাৰ আৰু বৰপথাৰ শাখাৰ উদ্যোগত ভূমিপট্টা প্ৰদান কৰাৰ দাবীত ২ ঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। দীৰ্ঘদিন ধৰি অসম চৰকাৰে জনজাতিটোক প্ৰতাৰণা কৰি আহিছে। এই জনগোষ্ঠীটোৱে চাহ বাগানৰ দ্বাৰা সেউজীয়া পৰিৱেশ গঢ় দিয়াৰ লগতে বিশ্ব দৰবাৰত অসমখনক চাহ পাতৰ দ্বাৰা পৰিচয় কৰাই দিয়াত গুৰুত্বপূৰ্ণ অৱদান আছে।
 
কিন্তু, অসম চৰকাৰে আজিলৈকে চাহ বাগিছাত বসবাস কৰা জনজাতিটোক ভূমি পট্টা প্ৰদান নকৰাৰ পৰিপ্ৰেক্ষিতত ক্ষোভিত হৈ পৰিছে সংগঠনটো। সেয়েহে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সৰুপথাৰ আৰু বৰপথাৰ শাখাই এই ধৰ্মঘট কাৰ্যসূচীৰ মাজেৰে অসম চৰকাৰক অতি শীঘ্ৰে এই লোকসকলক ভূমি পট্টা প্ৰদান কৰিবলৈ আহ্বান জনায় এখনি দুই দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ ধনশিৰি মহকুমাৰ ৰাজহ চক্ৰ বিষয়াৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে।
 
ইফালে কাৰ্যসূচীত আটছা জিন্দাবাদ, চাহ শ্ৰমিকসকলক ভূমি পট্টা প্ৰদান কৰক, অসম চৰকাৰ গ'বেক, খিলঞ্জীয়া লোকসকলক ভূমি পট্টা প্ৰদান কৰক, সঞ্জয় কিষাণ মুৰ্দাবাদ, বিজেপি মুৰ্দাবাদ ইত্যাদি শ্লোগানেৰে সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।