10/01/2021 - 13:46
in
টীয়কঃ কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থাৰ চমুকৈ আত্মাৰ উদ্যোগত খনামুখ চাৰিঙিয়া গাঁৱত এক বৃহৎ কৃষি প্ৰশিক্ষণ কাৰ্য্যসূচী সম্পন্ন হয়। উল্লেখযোগ্য যে আত্মা কলীয়াপানী উন্নয়ন খণ্ডৰ অধীনত সমগ্ৰ অঞ্চলটোৰ কৃষকসকলক উন্নত মানদণ্ডৰ কৃষি প্ৰণালী, পশু পালন, মীন পালনকে আদি কৰি সকলো প্ৰকাৰৰ কৃষিক অধিক উন্নতমানৰ কৰাৰ উদ্দেশ্যে কলীয়াপানী কৃষি উন্নয়ন খণ্ডৰ অধীনত গ্রাম্যাঞ্চলৰ কৃষকসকলক এই প্ৰশিক্ষণ প্ৰদান কৰা হয়।
উক্ত প্ৰশিক্ষণ কার্যসূচীটোত নকছাৰী কৃষি উন্নয়ন বিষয়া ৰূপম কাকতি, ৰাজ্যিক পালন চিকিৎসালয়ৰ বিষয়া ডঃ অনোৱাৰ হুছেইন, খণ্ড প্ৰযুক্তি প্ৰবন্ধক জাহ্নৱী বৰা, মীন উন্নয়ন বিষয়া শংকৰ বৰুৱা উপস্থিত থকা প্ৰশিক্ষণ অনুষ্ঠানটিত সমগ্ৰ অঞ্চলটোৰ প্ৰায় অৰ্ধ শতাধিক কৃষকে অংশ গ্ৰহণ কৰে।উল্লেখযোগ্য যে খনামুখ অঞ্চলৰ দ্বীপেন বৰুৱাই বৰ্তমানলৈকে ১২০ টা প্ৰজাতিৰ থলুৱা ধান সংৰক্ষণ কৰি ৰাখিছে।
লগতে নতুন দিল্লীৰ ভাৰতীয় কৃষি গৱেষণা পৰিষদে দ্বীপেন বৰুৱাৰ এই ১২০ টা প্ৰজাতিৰ থলুৱা ধানৰ গৱেষণা তিনি বছৰ পয্যন্ত কৰি আছে। এইজন দ্বীপেন বৰুৱাই ২০১১ বৰ্ষত জিলা ভিত্তিত প্ৰথম কৃষক আৰু ২০১২ বৰ্ষত ৰাজ্যিক ভিত্তিত দ্বিতীয় আৰু ২০১৪ বৰ্ষৰ নতুন দিল্লী ICR ৰ তৰফৰ পৰা সমগ্ৰ কৃষি খণ্ডত আগবঢ়াই অহা পাৰদৰ্শিতাৰ বাবে ৰাষ্ট্ৰীয় সন্মান আজুৰিবলৈ সক্ষম হৈছিল।