10/01/2021 - 15:36
in
মাজুলীঃ আজি মাজুলীত উপস্থিত হ'ল ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত। মাজুলীৰ প্ৰাক্তন বিধায়ক, ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা দেশৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শাসন কালত নিৰ্মাণ কাৰ্য আৰম্ভ কৰা আয়ুস হাস্পতালত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী গৰাকী। মাজুলীত উপস্থিত হৈয়ে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে পোনপ্ৰথমে উজনী মাজুলী শ্ৰীৰাম চাপৰি দেৱৰ্তত নিৰ্মাণ হৈ থকা আয়ুস হাস্পতালত উপস্থিত হয়।
আয়ুস হাস্পতালত উপস্থিত হৈ স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে হাস্পতাল নিৰ্মাণ কাৰ্য্যৰ বুজ লয়। ইয়াৰ পিছতে মন্ত্ৰী গৰাকীয়ে গড়মূৰ জিলা চিকিৎসালয় পৰিৰ্শন কৰে। আৰু চিকিৎসালয়ৰ অভাৱ অভিযোগ বুজ লয়। ইয়াৰ পিছতে মন্ত্ৰী গৰাকী কমলাবাৰী চিকিৎসালয়লৈ যায়৷