বৰাজোলৰ বজাৰ, হাইস্কুল হঠাৎ পৰিদৰ্শন বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ

 10/01/2021 - 17:46
 
 
নলবাৰীঃ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই আজি ৰাতিপুৱা হঠাৎ সমষ্টিৰ অন্তৰ্গত ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ এলেকাধীন বৰাজোল বজাৰ আৰু বৰাজোল হাইস্কুল পৰিদৰ্শন কৰে। আজি বিধায়কগৰাকীয়ে বৰাজোলস্থিত বজাৰখনত দলে-বলে উপস্থিত হৈ Apart ৰ MMlP ৰ অধীনত বৰাজোলত আটকধুনীয়াকৈ নিৰ্মাণ হ'বলগীয়া বজাৰগৃহৰ স্থান পৰিদৰ্শন কৰি এই প্ৰকল্পৰ পৰিকল্পনা আৰু প্ৰস্তুতিৰ বুজ লয়।
 
লগতে বিধায়কগৰাকীয়ে বজাৰখনৰ কাষৰীয়া কৃষকসকলৰ উৎপাদিত সামগ্ৰী বিক্ৰীত সুবিধা হোৱাৰ লগতে অঞ্চলটোৰ ব‍্যৱসায়িক দিশটোৱে এক নতুন গতি লাভ কৰিব বুলি সদৰী কৰে। ইয়াৰ পিছতে বিধায়কগৰাকীয়ে বৰাজোল হাইস্কুলত উপস্থিত হৈ শৈক্ষিক পৰিৱেশৰ বুজ লয়। লগতে শিক্ষানুষ্ঠানখনৰ ভাৰপ্ৰাপ্ত অধ‍্যক্ষ ৰমণী কুমাৰ দাসসহ শিক্ষক-শিক্ষয়িত্ৰীৰে সৈতে এক মত-বিনিময়ত মিলিত হয়।
 
বিধায়ক গৰাকীৰ আজি এই পৰিভ্ৰমণ কালত সংগ দিয়ে নলবাৰী জিলা পৰিষদ সভাপতি নিতুল ডেকা, CEO জয়ন্ত কুমাৰ গোস্বামী, APART ৰ বিষয়ববীয়া, জিলা পৰিষদৰ সদস্য পংকজ ডেকা, বড়িগোগ বনভাগ মণ্ডলৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা, বৰাজোল গাঁও পঞ্চায়তৰ  সভানেত্ৰী নমিতা ৰাজবংশী আদিয়ে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।