10/01/2021 - 18:02
in
নলবাৰীঃ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বিলপাৰ গাঁৱৰ ধনী ডেকা আৰু কনিকা ডেকাৰ একমাত্ৰ পুত্ৰ ২১ বছৰীয়া ৰতন ডেকাৰ চিকিৎসাৰ বাবে সহায়ৰ হাত বিচাৰিছে পৰিয়াল তথা গাঁওবাসীয়ে। ৰতন ডেকাৰ দুয়োটা বৃক্কই বিকল বুলি চিকিৎসকে জনোৱাৰ পিছত পৰিয়ালটোৰ লগতে গাঁওবাসীয়ে কান্দোনত ভাগি পৰিছে। পিতৃ শাৰীৰিকভাৱে অসুস্থ কাৰণে ৰতন ডেকাই পিতৃ-মাতৃৰ বাবে দুবেলাৰ ভাতমুঠি যোগাৰ কৰিবলৈ ৰঙিয়াৰ এখন কিতাপ তথা বাতৰি কাকতৰ দোকানত কাম কৰি কোনোমতে চলি আছিল।
হঠাৎ ৰতন লাহে লাহে শাৰীৰিকভাৱে অসুস্থ হৈ পৰাত চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয়ত পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত ৰতনৰ দুয়োটা বৃক্কই বিকল হোৱা বুলি ডাক্তৰে জনোৱাৰ পিছত পৰিয়ালটোৰ লগতে ৰতনৰ জীৱনলৈ ঘোৰ অমানিশা নামি আহে। গাঁৱৰ সচেতন যুৱকসকলে দুই এটকা যোগাৰ কৰি দিছে যদিও সেয়া যঠেষ্ট নহয়।
ৰতনৰ চিকিৎসাৰ বাবে 30/35 লাখ টকাৰ প্ৰয়োজন, সেইবাবে উপায়ন্তৰ হৈ পিতৃ-মাতৃৰ লগতে গাঁওবাসীয়ে অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সহায় বিচাৰিছে। বৰ্তমান যুৱকজন গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে। দল-সংগঠন তথা সচেতন হৃদয়বান ব্যক্তিয়ে যদি দুৰ্ভগীয়া পৰিয়ালটোক সহায় কৰিব বিচাৰে তেনেহলে CBI3766913258 IFSC=CBIN0282459 নতুবা 9957879733 নম্বৰটোত যোগাযোগ কৰি অলপ সহায় কৰিলে অসহায় যুৱকজনে এটা নতুন জীৱন পাবলৈ সক্ষম হ’ব।