অসম নগালেণ্ড সীমান্তত উদ্ধাৰ বৃহৎ আকাৰৰ হাতী দাঁত আৰু বিষ্ণু মূৰ্তি

 06/02/2019 - 13:31

তিতাবৰঃ অসম নগালেণ্ডৰ সীমান্তৱৰ্তী অঞ্চলসমূহত সক্ৰিয় চোৰাং ব্যৱসায়ী। শনিবাৰে তিতাবৰ মহকুমা অন্তৰ্গত বৰহোলাৰ নগাবাটৰ শুকানজানত গোলাঘাট আৰক্ষীয়ে অভিযান চলাই প্ৰায় চাৰি কেজি ওজনৰ হাতীৰ দাঁত আৰু এটা বিষ্ণুমূৰ্তি উদ্ধাৰ কৰি জব্দ কৰিবলৈ সক্ষম হয়। উদ্ধাৰ হোৱা বিষ্ণু মূৰ্তিটো সোণৰো হ'ব পাৰে বুলি আৰক্ষীয়ে সন্দেহ প্রকাশ কৰিছে।

গোলাঘাট আৰক্ষীয়ে গোপনসূত্ৰে খবৰ পাই নগাবাট শুকানজানত আহি অভিযান চলাই এখন ব্ৰইলাৰ ফাৰ্মত সামগ্ৰীখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয়। সামগ্ৰীখিনি উদ্ধাৰ হোৱা উক্ত ব্ৰইলাৰ ফাৰ্মখন সঞ্জীৱ শইকীয়া আৰু কৃষ্ণ চুতীয়াৰ বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে হাতীৰ দাঁত আৰু বিষ্ণু মূৰ্তিটো কোনে কেনেদৰে ব্ৰইলাৰ ফাৰ্মখনত লুকুৱাই থৈ গ'ল সেইকথা বৰ্তমান জানিব পৰা হোৱা নাই। অসম নগালেণ্ডৰ সীমান্ত গোলাঘাট জিলাৰ মেৰাপানী অঞ্চলত এই হাতীৰ দাঁত আৰু বিষ্ণুমূৰ্তিটো চোৰাং বেপাৰীয়ে বিক্ৰী কৰিবলৈ গ্ৰাহক বিচাৰি ফুৰাত আৰক্ষীৰ চোৰাংচোৱাই খবৰ পাই বুলি এক সূত্ৰৰ পৰা জানিব পৰা গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।