শ্বহীদক অপমান কৰা বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে শুৱালকুছি আৰক্ষী থানাত এজাহাৰ

 10/02/2021 - 12:43
 
 
 
কামপুৰঃ অসম আন্দোলনৰ শ্বহীদক অপমান কৰি ৰাজ্যজুৰি তীব্ৰ নিন্দা গৰিহণাৰ সন্মুখীন হৈছে বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী। বিধায়ক গৰাকীৰ মন্তব্যক লৈ এতিয়া ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
 
আজি পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সন্থাই শুৱালকুছি আৰক্ষী থানাত দাখিল কৰিলে এজাহাৰ। অতি শীঘ্ৰে বিধায়ক চেৰমান আলীক গ্ৰেপ্তাৰৰ দাবী জনাইছে পশ্চিম বংশৰ আঞ্চলিক ছাত্র সন্থাৰ।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।