কামপুৰ কপিলী বান্ধ নিৰ্মাণত অবাধ দুৰ্নীতি

 06/02/2019 - 13:59

কামপুৰঃ কামপুৰৰ গুইমাৰীত কপিলী নৈত শৈল্য বান্ধ নিৰ্মাণত বিধায়ক ডিম্বেশ্বৰ দাসৰ আশীষধন্য ঠিকাদাৰৰ মইমতালি। বান্ধ নিৰ্মাণৰ কামত ব্যাপক অনিয়ম কৰা অভিযোগ স্থানীয় ৰাইজৰ। নিম্নমানৰ শিলেৰে বান্ধ নিৰ্মাণ কৰাৰ অভিযোগ স্থানীয় লোকৰ। ৰাইজে বাৰে বাৰে বাধা দি অহাৰ পিছতো ৰাইজৰ কথালৈ কোনো কৰ্ণগোচৰ নকৰি চলাই গৈছে বান্ধ নিৰ্মাণৰ কাম।

নিম্ন মানদণ্ডৰে মাথাউৰি নিৰ্মাণ কৰাত পুনৰ শংকিত গুইমাৰীবাসী। কপিলী নৈৰ খহনীয়া প্ৰতিৰোধৰ জলসম্পদ বিভাগে নগাঁও জিলাৰ কামপুৰৰ গুইমাৰীত শৈল্য বান্ধ নিৰ্মাণৰ কামত ব্যাপক অনিয়মৰ আশ্ৰয় লোৱাৰ অভিযোগ উঠিছে। উল্লেখ্য যে কামপুৰৰ ৰাইজৰ প্ৰবল দাবীৰ পিছত কেন্দ্ৰীয় জলসম্পদ বিভাগে কামপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত পূৱ আৰু পশ্চিম গুইমাৰীত কপিলী নৈৰ খহনীয়া প্ৰতিৰোধৰ কাম হাতত লয়।

কিন্তু ৰাইজৰ অভিযোগ জলসম্পদ বিভাগে তেওঁলোকক বান্ধ নিৰ্মাণৰ বিতং তথ্য অৱগত কৰাৰ পৰা বিৰত আছে। বান্ধটো কেনেদৰে আৰু কিমান টকা ব্যয়ৰে নিৰ্মাণ হ’ব সেয়া জ্ঞাত নহয় স্থানীয় ৰাইজ।এক কোটি নব্বৈ লাখ টকা অনুমোদন পোৱা কামটোৰ ঠিকা লাভ কৰিছিল সুনিত শৰ্মা,সত্য কুমাৰ দাস,দূৰ্গা প্ৰসাদ উপাধ্য়ায় আৰু আৰিফুৰ ৰহমান নামৰ চাৰিজন ঠিকাদাৰে। ইফালে ৰাইজ আৰু বিভাগীয় কৰ্তৃপক্ষই নিম্ন মানদণ্ডৰ শিল ব্যৱহাৰ নকৰিবলৈ কৈ থকাৰ পিছতো বলপূৰ্ব্বকভাৱে নিম্নমানৰ শিলবোৰ ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে। অতি নিম্নমানৰ শিল ব্যৱহাৰ কৰাৰ বাবে বান্ধটো পুনৰ ভাঙি যোৱাৰ শংকাত পৰিছে স্থানীয় ৰাইজ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।