জামুগুৰিহাটৰ মৰিসুতিত গান্ধী জয়ন্তী উপলক্ষে গাঁও পঞ্চায়তৰ বিশেষ গাঁওসভা

 10/02/2021 - 18:45
 
 
 
 
 
জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ উত্তৰ মূঢ়াদল গাঁও পঞ্চায়তৰ অধিনৰ মৰিসুতিৰ কাৰ্কী ভৱনত আজি এখনি গুৰুত্বপূৰ্ণ গাঁওসভা অনুষ্ঠিত হয়৷ গান্ধী জয়ন্তী উপলক্ষে কাৰ্কী ভৱনত অনুষ্ঠিত এই বিশেষ গাঁও সভাৰ আৰম্ভণিতে মহা মানৱ মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰা হয়৷ সভাত অসম চৰকাৰে যুগুত কৰা বসুন্ধৰা আঁচনি আৰু জলজীৱন মিচন সন্ধৰ্ভত ৰাইজক সজাগ সচেতন কৰাৰ উদ্দেশ্যৰেই অনুষ্ঠিত কৰা বুলি সভাপতি দিপক নেৱাৰে জানিবলৈ দিয়ে৷
 
পঞ্চায়তটোৰ অধিনৰ সকলো শ্ৰেণীৰ ৰাইজ এই বসুন্ধৰা আঁচনিৰ জৰিয়তে উপকৃত হব বুলি মন্তব্য কৰাৰ লগতে  উত্তৰ মূঢ়াদল গাঁও পঞ্চায়ত এলেকাত যোৱা সময় চোৱাত কেইবাখনো বৃহৎ চৰকাৰী আঁচনি ৰূপায়ণ কৰাৰ লগতে আন কেইবাখনো সৰু-বৰ আঁচনি ৰূপায়ণ কৰি থকা বুলি মন্তৱ্য কৰে গাঁও পঞ্চায়তখনৰ সভাপতি গৰাকীয়ে৷ সভাত পঞ্চায়তটোৰ নিৰ্বাচিত আঞ্চলিক সদস্যৰ উপৰি দহটা ওৱাৰ্ডৰ সদস্য সদস্যাসকলৰ লগতে মুঢ়াদল জিলা পৰিষদৰ সদস্য কিশোৰ দাহাল, বিজেপিৰ জ্যেষ্ঠ সদস্য প্ৰবীন দাস, ধনপতি কাফলেকে ধৰি বিভিন্নজন উপস্থিত থাকে৷
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।