10/02/2021 - 19:56
in
বাহাৰঘাটঃ আজি নলবাৰী জিলাৰ বৰখালা পশ্চিম বড়িগোগ ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত ষ্টাৰ এলেভেন ক্লাৱৰ উদ্যোগত আমন্ত্ৰণমূলক প্ৰাইজমাণি ফুটবল প্ৰতিযোগিতা আৰম্ভ হয়৷ খেলখন উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিত বেজবৰুৱাই৷
খেল উদ্বোধন কৰি ছাত্ৰনেতা গৰাকীয়ে কয় যে অসম চৰকাৰে নব প্ৰজন্মৰ খেলুৱৈৰ প্ৰতি সহানুভূতিৰ দৃষ্টিৰে সহায়ৰ হাত আগবঢ়ালে সচাকৈয়ে খেলৰ উত্তৰনত সহায় হব৷ উদ্বোধনী অনুষ্ঠানত শোনিতপুৰৰ উপায়ুক্ত তথা বৰখালা গাঁৱৰ সন্তান ভূপেশ দাসে অংশগ্ৰহণ কৰি খেলৰ উদ্যোক্তা সকলৰ শলাগ লয়৷
আনহাতে অনুষ্ঠানত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়া সমৰজ্যোতি মহন্ত, গৌতম বেজবৰুৱা, বিকি শৰ্মা, অৱসৰপ্ৰাপ্ত শিক্ষক ৰামপ্ৰষাদ শৰ্মা, হৰিদেৱ ভট্টাচাৰ্য, বৰভাগ ইউনাইটেড স্পোৰ্টচ ক্লাৱৰ সভাপতি ডা০ অৰুন শৰ্মা, কাৰ্য্যকৰী সভাপতি হৰকুমাৰ ডেকা, উপসভাপতি তবিৱৰ ৰহমান আদি কৰি কেইবাজনো বিশিষ্ট লোকে অংশগ্ৰহণ কৰে৷
আজিৰ খেলখন বৰখালা ষ্টাৰ এলেভেন ক্লাৱ আৰু খাটিকুছি মিলন সংঘৰ মাজত অনুষ্ঠিত হয়৷ খেলত ষ্টাৰ এলেভেন ক্লাৱে খাতিকুছি মিলন সংঘক ২-০ গলত পৰাস্ত কৰে৷ খেলখন পৰিচালনা কৰে ক্ৰমে ৰেফাৰী হাৰেজৰ ৰহমানে সহায় কৰে কংকন শৰ্মা, নাউধন শইকীয়া আৰু বিদ্যুত কলিতাই৷