10/03/2021 - 11:49
in
পূৱ বৰপেটাঃ বৰপেটা জিলাৰ মাজদিয়া আৰক্ষীৰ জালত পৰিছে এটা গভাইত চোৰ। ধৃত চোৰটো সৰ্থেবাৰী থানাৰ অন্তৰ্গত পশ্চিম মাজদিয়াৰ আলী হুছেইনৰ পুত্ৰ নাচিৰুদ্দিন(২১) বুলি জানিব পৰা গৈছে। ঘটনাৰ বিৱৰণি মতে শনিবাৰে দুপৰীয়া বৰপেটাৰ পাজাৰভাঙাৰ চানোৱাৰ খানে পশ্চিম মাজদিয়াত নিজৰ চাৰিচকীয়া এল্টো বাহনখন ৰখাই গাড়ীৰ পৰা নামি আহে আৰু গাড়ীৰ আগৰ আসনত মোবাইল আৰু নগদ ৬ হাজাৰ টকা ৰাখে।
কিছু সময় পিছত গম পায় যে মোবাইল আৰু টকাখিনি কোনো অজ্ঞাত চোৰে চুৰি কৰি লৈ যায়। বেচেৰা চোৰৰ দিন আছিল বেয়া। চুৰি কাৰ্যৰ সমগ্ৰ ঘটনা বন্দী হৈছিল CCTVত । CCTVৰ ফুটেজ সংগ্ৰহ কৰি মাজদিয়া আৰক্ষী আৰু স্থানীয়লোকে চিনাক্ত কৰে চোৰক।
তাৰ পিছতেই মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ দাসৰ তৎপৰতাত গভাইত চোৰ নাচিৰুদ্দিনক পশ্চিম মাজদিয়াৰ পৰা আৰক্ষীয়ে আটক কৰে। ইতিমধ্যে চুৰি হোৱা মোবাইলটো আৰক্ষীয়ে নাচিৰুদ্দিনৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। দেওবাৰে ধৃত নাচিৰুদ্দিনক বৰপেটা আদালতত হাজিৰ কৰায় মাজদিয়া আৰক্ষীয়ে।