বিদ্যালয়ত নাই শিক্ষক: ছাত্র-ছাত্রীয়ে গ্ৰহণ কৰিলে প্ৰতিবাদী কাৰ্যসূচী

 06/02/2019 - 14:56

টীয়ক: যোৰহাট জিলাৰ টীয়কৰ জাঁজীমুখৰ নামনি বৰমথাউৰি প্ৰাথমিক বিদ্যালয়ত এজনো শিক্ষক নথকাত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকল নিয়মীয়া পাঠদানৰ পৰা বঞ্চিত হ'ব লগা হৈছে। উল্লেখ্য যে বিদ্যালয়খনৰ একমাত্ৰ শিক্ষকজনে অৱসৰ গ্ৰহণ কৰাৰ পাছতো ২০ জন ছাত্র-ছাত্ৰী থকা বিদ্যালয়খনত এজনো শিক্ষক নিযুক্তি প্ৰদান নকৰাত ছাত্ৰ-ছাত্ৰীসকল পাঠদানৰ পৰা বঞ্চিত হ'ব লগা হৈছে।

শিক্ষকগৰাকীৰ অৱসৰ গ্ৰহণৰ পূৰ্বে বিদ্যালয়খনত এগৰাকী শিক্ষক নিযুক্তি দিবৰ বাবে বাৰম্বাৰ আহ্বান জনোৱাৰ পাছতো মধ্য যোৰহাট প্ৰাথমিক শিক্ষা খণ্ডৰ শিক্ষা বিষয়াগৰাকীয়ে কোনো গুৰুত্ব প্ৰদান নকৰাত এনে অচলাৱস্থাৰ সৃষ্টি হোৱাত শনিবাৰে মিছিং সংগঠন টাকাম মিছিং পৰিন কেবাং (টিএমপিকে)য়ে ৰাইজৰ সহযোগত তলা বন্ধ কাৰ্যসূচী গ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।