মানকাচৰৰ মালিৰআলগা গাঁও পঞ্চায়তৰ নৈপৰীয়া গাঁওসমূহত ব্ৰহ্মপুত্ৰ নদীৰ তীব্ৰ গৰাখহনীয়াঃ হাহাকাৰ ৰাইজ

 10/03/2021 - 12:52
 
 
 
 
মানকাচৰঃ ব্ৰহ্মপুত্ৰ নদীৰ পানী কমি যোৱাৰ লগে-লগে ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই অধিক ভয়াবহ ৰূপ ধাৰণ কৰিছে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীৰ পৰা প্ৰায় ২ কিঃমিঃ নিলগত মালিৰআলগা গাঁও পঞ্চায়তৰ চৰ কাশাৰিপাৰা গাঁৱত৷ স্থানীয় ৰাইজে নিজৰ গাঁঠিৰ ধন খৰচ কৰি নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ চেষ্টা চলাইছে যদিও কোনো সুফল পোৱা নাই যাৰ বাবে আতংকিত হৈ পৰিছে পৰীয়া ৰাইজ৷
 
 
এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাইজৰ মাজত৷ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বিভিন্ন ঠাইত বছৰ বছৰ ধৰি অব্যাহত আছে ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ তাণ্ডৱলীলা কিন্তু গৰাখহনীয়া প্ৰতিৰোধ কৰাত ব্যৰ্থ বিভাগীয় কৰ্তৃপক্ষ স্থানীয় প্ৰশাসন আৰু স্থানীয় সাংসদ-বিধায়ক যাৰ বাবে ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে৷
 
 
সোনকালে স্থায়ী নদী বান্দৰ ব্যৱস্থা হাতত নললে উক্ত গাঁওখনৰ লগতে চৰম ভাবুকি আহিব জিলাখনৰ সদৰ হাটশিঙিমাৰী আৰু উপায়ুক্ত কাৰ্যালয়লৈ বুলি আশংকাত ভুগিছে স্থানীয় ৰাইজে৷ গতিকে অতি সোনকালে স্থায়ীভাৱে নদীবান্ধৰ ব্যৱস্থা হাতত লবলৈ দাবী জনায় নৈপৰীয়া ৰাইজে৷ 
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।