ৰাজ্যত জন্ম হ’ল এটা নতুন ৰাজনৈতিক দল

 10/03/2021 - 13:12
 
 
 
 
ৰঙিয়াঃ এটাৰ পিছত আন এটা ৰাজনৈতিক দলৰ জন্ম হৈছে এইখন অসমত৷ জনগোষ্ঠীয় জাতীয় দল নামৰ আন এটা ৰাজনৈতিক দল জন্ম দিয়ে এই ৰাজনৈতিক দলটো৷ ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠী অভিভাৱক স্বৰূপে আত্মপ্ৰকাশ ঘটে জনগোষ্ঠীয় জাতীয় দলটো৷ আজি ৰঙিয়া চহৰৰ মাজমজিয়াত গঠন হয় এটা এইটো ৰাজনৈতিক দল।
 
জনগোষ্ঠীয় প্ৰতিনিধি পঞ্চায়ত নামেৰে এক প্ৰতিনিধি সভা অনুষ্ঠিত কৰি গঠন কৰা হয় এইটো নতুন ৰাজনৈতিক দল।এই আঞ্চলিক ৰাজনৈতিক দলটোৰ মূল উদ্দেশ্য আৰু লক্ষ্য সমূহ আগত ৰাখি আজি এই দলৰ সংবিধান কাৰ্যকৰী কৰা হয়।
 
১১ খন জিলাৰ কার্যকৰ্তা সমূহক আগত ৰাখি আজি এইটো নতুন ৰাজনৈতিক দলটো গঠন কৰা হয়। দলটোৰ প্ৰতীক চিহ্নতো ও মুকলি কৰা হয়। আগন্তুক উপ নিৰ্বাচনত তামুলপুৰ সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰ পৰিকল্পনা কৰিছে নতুন দলটোৱে।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।