বলিউডৰ জনপ্ৰিয় অভিনেতা শ্বাহৰুখ খানৰ পুত্ৰ আৰয়ান খানক আটক এনচিবিৰ

 10/03/2021 - 13:39
 
 
নিউজ ডেস্কঃ বলিউডৰ জনপ্ৰিয় অভিনেতা শ্বাহৰুখ খানৰ পুত্ৰ আৰয়ান খানক আটক এনচিবিৰ। শনিবাৰে সন্ধিয়া নাৰ্ক’টিকছ কন্ট্ৰ’ল ব্যূৰ’ (NCB)য়ে মুম্বাইৰ পৰা গোৱাৰ অভিমুখী এখন ক্ৰুজ জাহাজত অভিযান চলোৱাৰ সময়ত জাহাজখনত ড্ৰাগছৰ পাৰ্টী চলি থকাৰ অভিযোগ।
 
ইয়াৰ পিছতে এনচিবিৰ দলে তালাচী আৰম্ভ কৰে আৰু নিচাযুক্ত সমগ্ৰী সেৱন কৰাসকলক আটক কৰে আৰু সামগ্ৰীসমূহ জব্দ কৰে। বলিউডৰ অভিনেতা শ্বাহৰুখ খানৰ পুত্ৰ আৰয়ান খানকো নাৰ্ক’টিক্ছ কন্ট্ৰ’ল ব্যূৰ’ৱে নিশা মুম্বাইৰ উপকুলত এখন ক্ৰুজ জাহাজত নিচাযুক্ত সামগ্ৰী জব্দ কৰাক লৈ সোধা–পোছা কৰে। কিন্তু এতিয়ালৈ আনুষ্ঠানিকভাৱে মন্তব্য কৰা নাই। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।