10/03/2021 - 14:08
in
ডুমডুমাঃ ৰাজ্যখনৰ চাহ জনগোষ্ঠীয়ে পালন কৰা কৃষি ভিত্তিক উৎসৱ 'কৰম পৰৱ' উজনি অসমৰ চাহ-বাগিচা বিলাকত জাক-জমকতাৰে আয়োজন কৰা দেখা গৈছে|
ডুমডুমাৰ দিঘলতৰং চাহ-বাগিচাত এদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা কৰম সন্মিলনত অঞ্চলটোৰ জাতি-জনগোষ্ঠীৰে সকলো ৰাইজ স্বতস্ফূৰ্ত ভাৱে 'কৰম আখড়া'ত সমজোৱাভাৱে ঝুমইৰ নৃত্যত অংশগ্ৰহণ কৰে|
মন কৰিবলগীয়া যে, কৰম আখড়াত স্বনামধন্য শিল্পী মহেন্দ্ৰ হাজৰিকা অংশগ্ৰহণ কৰি ৰাজ্যখনৰ জাতি জনগোষ্ঠীৰ কলা-সংস্কৃতিক ৰক্ষা কৰা আৰু সংবৰ্দ্ধন কৰাটো সকলোৰে দায়ীত্ব আছে বুলি উল্লেখ কৰি তেওঁৰ কালজয়ী গীতৰে আখড়াথলি ৰসাল কৰি তুলে|