10/04/2021 - 13:20
in
শালবাৰীঃ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বাঁহবাৰী আঞ্চলিক সমিতিৰ উদ্যোগত বৰ্নিল কাৰ্যসূচীৰে উদযাপন কৰা ১৭ তম কৰম উৎসৱৰ নিশা সামৰণি পৰে।
পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, বৃক্ষৰোপণ, খেল-ধেমালি প্ৰতিযোগিতা, নৃত্য প্ৰতিযোগিতা, কৰম কাহিনী পাঠ, কৰম দল স্থাপন আদি কাৰ্যসূচীৰ লগতে ৰাজু তিৰ্কীৰ সঞ্চালনাত অনুষ্ঠিত কৰা মুকলি সভাৰ।
মুকলি সভাত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ লগতে অঞ্চলটোৰ কেইবগৰাকী বিশিষ্ট ব্যক্তিক ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে।
আজিৰ এই কৰম উৎসৱৰ কাৰ্যসূচীৰ জৰিয়তে আদিবাসীসকলৰ উন্নয়নৰ স্বাৰ্থত জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰাৰ দাবী তোলে।