বৰপেটা সংসদীয় সমষ্টিত ১০ গৰাকী প্ৰাৰ্থীৰ আমানতৰ ধন বাজেয়াপ্ত

 06/02/2019 - 15:26

বৰবালাঃ সদ্য সমাপ্ত লোকসভা নিৰ্বাচনৰ ৬ নং বৰপেটা সংসদীয় সমষ্টিৰ দহগৰাকী প্ৰাৰ্থীৰ আমানতৰ ধন বাজেয়াপ্ত হ'ব। যোৱা ২৩ মে'ৰ নিৰ্বাচনৰ ভোট গণনাৰ ফলাফলত বিজয়ী প্ৰাৰ্থী তথা কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী আব্দুল খালেকে ৬,৪৫,১৭৩ টা ভোট লাভ কৰিছিল। অগপ দলৰ মনোনীত প্ৰাৰ্থী কুমাৰ দীপক দাসে ৫,০৪,৮৬৬ টা ভোট পাই দ্বিতীয় স্থান লাভ কৰে। বিজয়ী ভোটৰ ব্যৱধান ১,৪০,৩০৭ টা।

ইফালে এআইইউডিএফ দলৰ মনোনীত প্ৰাৰ্থী ড° হাফিজ ৰফিকুল ইছলামে ২,৪৮,৬৬৭ টা ভোট লাভ কৰে। সমষ্টিটোৰ দহগৰাকী প্ৰাৰ্থীৰ আমানতৰ ধন বাজেয়াপ্ত হোৱা প্ৰাৰ্থীকেইগৰাকী হ'ল ক্ৰমে এআইটিচিৰ মনোনীত প্ৰাৰ্থী এছাহাক আলী দেৱান (প্ৰাপ্ত ভোটৰ সংখ্যা-২০,৪৬৬ টা), পি জে পি (এছ)ৰ মনোনীত প্ৰাৰ্থী অৰূপ বৰুৱা (৩,৬১৮ টা), এছ ইউ চি আই (চি)ৰ মনোনীত প্ৰাৰ্থী চিত্ৰলেখা দাস (২,৩৮২ টা),

ভিপিআইৰ মনোনীত প্ৰাৰ্থী ছানিয়াৰা পাৰবীন (৩,৪৩৭ টা), এন পি পিৰ মনোনীত প্ৰাৰ্থী প্ৰণৱজ্যোতি দাস ৰাজবংশী (২,৪৬২ টা), এনআৰচিৰ মনোনীত প্ৰাৰ্থী ভদ্ৰেশ্বৰ বৰ্মন (২,২১৪ টা), টিএনআৰ এমপিআইৰ মনোনীত প্ৰাৰ্থী মতিয়াৰ ৰহমান (৩,৯৭৩ টা), আৰপিআই (এ)ৰ মনোনীত প্ৰাৰ্থী ৰেজাউল কৰিম (৩,৩৫০ টা), বিজিপিৰ মনোনীত প্ৰাৰ্থী শান্তনু মুখাৰ্জী(৫,৪৩৮ টা), নিৰ্দলীয় প্ৰাৰ্থী আৰফান আলী (২,৭৯৯ টা)।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।