10/04/2021 - 16:30
in
নলবাৰীঃ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ নিৰ্দেশত নলবাৰী জিলা কৃষি বিভাগৰ সহযোগত আৰু Brahmaputra valley Fertilizer corporation Ltd ৰ উদ্যোগত ঘগ্ৰাপাৰত আজি ভাৰত স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ উদ্দেশ্যৰ লগত সংগতি ৰাখি এলানী বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে। আজি ঘগ্ৰাপাৰ চ'কৰ সমীপত দামোদৰ ধাম পথত এই কাৰ্যসূচীতো মুকলি কৰে নলবাৰী জিলা কৃষি বিষয়া- মনোৰম প্ৰীতমে। তেওঁ ভাষণত গছ থাকিলে হে মানুহ থাকিব বুলি উল্লেখ কৰি গছ-পুলিসমুহ সংৰক্ষণত ৰাইজক চকু দিবলৈ আহ্বান জনায়।
অনুষ্ঠানত নলবাৰী কৃষি বিভাগ এ ডি ইউ( AD0) মুনিন্দ্ৰ শৰ্মা, Bhahmaputra valley Fertilizer corporation Ltd ৰ (Marketing) ডি জি এম অসীম কুমাৰ দত্ত, ডেপুটি মেনেজাৰ প্ৰীতম দত্ত,এলেকা মেনেজাৰ প্ৰাণ নাথ, জনতা যুৱ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহ তথা ৰিদিপ দত্ত, ঘগ্ৰাপাৰ জিলা পৰিষদৰ সদস্য পংকজ ডেকা,যুৱ ব্যৱসায়ী ভ্ৰমৰ মজুমদাৰ, পূৱ-বনভাগ গাঁও পঞ্চায়তৰ কাউন্সিলাৰ মনিকা ভৰালী, বিজেপি নেত্ৰী ধৰিত্ৰী ডেকা, বিনীতা মজুমদাৰ আদিয়ে অংশগ্ৰহণ কৰি হাতে হাতে কৃষ্ণচুড়া গছৰ পুলি লৈ দামোদৰ ধাম পথটোত ৰোপণ কৰা পৰিলক্ষিত হয়।